টিংখাং, 14 মাৰ্চ:ৰাজ্যৰ সকলো প্ৰান্ততে এতিয়া বলিছে নিৰ্বাচনী বতাহ ৷ নিজ নিজ ৰণকৌশলেৰে প্ৰত্যেক ৰাজনৈতিক দল তথা প্ৰাৰ্থী এতিয়া নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে ৷ ইয়াৰ ব্যতিক্ৰম ন'হল টিংখাং সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ পৰা মনোনীত প্ৰাৰ্থী এটুৱা মুণ্ডা ৷ অতি সীমিত সংখ্যক সমৰ্থকক লৈ দেওবাৰে টিংখাং সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী গৰাকীয়ে সমষ্টিটোৰ ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলাই ৷
সীমিত সংখ্যক দলীয় সমৰ্থকক লগত লৈ ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলাই টিংখাঙৰ প্ৰাক্তন বিধায়ক তথা এইবাৰৰ প্ৰাৰ্থী মুণ্ডাই সকলোকে কংগ্ৰেছক ভোট দিবলৈ আহ্বান জনায় ৷ মুণ্ডাই দাবী কৰে যে, এইবাৰ বিধনসভা নিৰ্বাচনত ৰাইজে কংগ্ৰেছক ভোট দিব আৰু তেঁওৰ বিজয় নিশ্চিত ৷