টিংখাং,১৯ আগষ্ট:এক সময়ৰ শক্তিশালী কংগ্ৰেছ নেতা প্ৰাক্তন শ্ৰম আৰু বনমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ জাঙুৰ খাই উঠিছে চাহ জনজাতি ছাত্ৰ সন্থা । প্ৰাক্তন মন্ত্ৰীগৰাকী এটা সময়ত চাহ জনজাতি ছাত্ৰ সন্থাক নেতৃত্ব প্ৰদান কৰিয়েই কংগ্ৰেছ দলত যোগদান কৰি ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল । কিন্তু এতিয়া অসমৰ চাহ জনগোষ্ঠীৰ মানুহখিনিৰ মাজত ভাগ ভাগ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা এটুৱা মুণ্ডাৰ বিৰুদ্ধে ।
এই অভিযোগ উত্থাপন কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই । গতিকে চাহ জনগোষ্ঠীসকলৰ মাজত ভাগ ভাগ কৰাৰ ষড়যন্ত্ৰৰ পৰা আঁতৰি থাকিবলৈ সকীয়নি প্ৰদান কৰিছে অসম চাহ জনজাতি ছাত্র সন্থাই । নিশা টিংখাঙৰ ৰাজগড়ত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৰাজগড় শাখাই এখন সংবাদমেল অনুষ্ঠিত কৰি কংগ্ৰেছ নেতা এটুৱা মুণ্ডাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে ।