টিংখাং,১২ ফেব্ৰুৱাৰী:ৰাজ্য়ৰ ভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড়তো অসম চাহ জনজাতি ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰে । চাহ শ্ৰমিক সকলক জনজাতিকৰণ কৰা, দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, শ্ৰমিক সকলক ভূমিৰ পট্টা প্ৰদান কৰাৰ লগতে বিভিন্ন সমস্যা সমাধানৰ দাবীত আটছা ৰাজগড় শাখাৰ শতাধিক প্রতিবাদকাৰীয়ে টিংখাং ৰাজহ চক্ৰৰ কাৰ্যলয় চৌহদ উত্তাল কৰি তোলে ।
চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত টিংখাঙত আটছাৰ প্ৰতিবাদ - চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত টিংখাঙত আটছাৰ প্ৰতিবাদ
টিংখাঙত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ লগতে বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্য়স্ত কৰে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাই ।
চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত টিংখাঙত আটছাৰ প্ৰতিবাদ
প্ৰতিবাদকাৰীসকলে শাসনৰ গাদীত থকা চৰকাৰখনে চাহ শ্ৰমিক সকলক কেৱল মিছা প্ৰতিশ্ৰুতি দিয়াৰ অভিযোগ উত্থাপন কৰে । বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়াৰ লগতে অতিশীঘ্ৰে দাবী সমূহ পূৰণ কৰিবলৈ চৰকাৰক আহ্বান জনায় সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাই । প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰীসকলে প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ জৰিয়তে এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে চৰকাৰলৈ ।
লগতে পঢ়ক:ধুবুৰীত অগপ কাৰ্যালয়ত বিজেপি নেতাৰ পুত্তলিকা দাহ