অসম

assam

ETV Bharat / state

মটক বাগিচাত প্ৰৱেশ নিষিদ্ধ আটছাৰ - Press meet

চাহ শ্ৰমিক তথা চাহ জনগোষ্ঠীৰ হকে সংগ্ৰাম কৰি অহা আটছাৰ একাংশ নেতাৰ স্বাৰ্থলোভী চৰিত্ৰৰ বাবেই নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বাগিচা বন্ধৰ কাৰ্যসূচী বাতিল কৰা বুলি মুকলি অভিযোগ উত্থাপন কৰে সমবেত ৰাইজে ৷ এইদৰে আটছাই জনবিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিলে সংগঠনটোৰ ভেটি বিচ্ছিন্ন হৈ পৰিব বুলি মন্তব্য কৰে উপস্থিত ৰাইজে ৷

ATTSA contraband in matak tea estate moran assam etv bharat news
মটক বাগিচাত প্ৰৱেশ নিষিদ্ধ আটছাৰ

By

Published : Apr 5, 2021, 11:02 AM IST

মৰাণ,5 এপ্ৰিল:নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বিগত ২২ মাৰ্চত ৰাজ্যজুৰি বাগিচা বন্ধৰ সিদ্ধান্ত বাতিল কৰাৰ পাছতেই ডিব্ৰুগড়ৰ লাহোৱালত আটছাৰ সভাপতি ধীৰাজ গোৱালাক একাংশ ক্ষুব্ধ চাহ শ্ৰমিকে বিভিন্ন প্ৰশ্নৰে থকা সৰকা কৰাই নহয় ৰাজহুৱা স্থানত অপদস্থ কৰিছিল ৷ ইয়াৰ পাছতেই ডিব্ৰুগড়ত আটছাই এক সংবাদমেল সম্বোধন কৰি মটক বাগিচাৰ ৰাজীৱ মাঝি নামৰ এজন লোকক সমগ্ৰ ঘটনাটো সংঘটিত কৰাৰ বাবদ জগৰীয়া কৰে ৷ সংগঠনটোৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল মটক চাহ বাগিচাবাসী ৷

বাগিচা বন্ধৰ কাৰ্যসূচী বাতিল কৰা বুলি মুকলি অভিযোগ

বাগিচাখনৰ এগৰাকী উচ্চ শিক্ষিত যুৱকক এই ঘটনাত জড়িত থকাৰ উপৰিও দুস্কৃতিকাৰী আখ্যা দিয়াক কেন্দ্ৰ কৰি ঘটনাৰ বিৰুদ্ধে শ্ৰমিকসকলে মটক বাগিচাত আটছাৰ নেতৃবৰ্গৰ সৈতে এক ৰাজহুৱা বৈঠকৰ আহ্বান জনায় ৷ কিন্তু ৰাইজৰ সৈতে মুখামুখি নহ’ল সংগঠনটোৰ কোনো এগৰাকী নেতাই ৷ সভাত চাহ শ্ৰমিক তথা চাহ জনগোষ্ঠীৰ হকে সংগ্ৰাম কৰি অহা আটছাৰ একাংশ নেতাৰ স্বাৰ্থলোভী চৰিত্ৰৰ বাবেই নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বাগিচা বন্ধৰ কাৰ্যসূচী বাতিল কৰা বুলি মুকলি অভিযোগ উত্থাপন কৰে সমবেত ৰাইজে ৷ এইদৰে আটছাই জনবিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিলে সংগঠনটোৰ ভেটি বিচ্ছিন্ন হৈ পৰিব বুলি মন্তব্য কৰে উপস্থিত ৰাইজে ৷

মটক বাগিচাত প্ৰৱেশ নিষিদ্ধ আটছাৰ

স্বাভাবিকতে সমগ্ৰ বাগিচাৰ শ্ৰমিকে আটছাৰ বিৰুদ্ধে মুকলি অসন্তুষ্টি ব্যক্ত কৰি বিষয়টো পুংখানুপুংখভাৱে স্পষ্ট কৰিবলৈ দাবী উত্থাপন কৰে ৷ তদুপৰি বৈঠকত সমবেত ৰাইজে আটছা নেতৃত্বক ৰাজহুৱাভাৱে ক্ষমা খোজাৰ লগতে ৰাজীৱ মাঝিৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায় ৷ তদুপৰি মটক চাহ বাগিচাত সংগঠনটোৱে ক্ষমা নোখোজা পৰ্যন্ত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰে ৰাইজে ৷ যদিহে সংগঠনটোৱে ৰাজহুৱাকৈ এই কাৰ্যৰ বাবে ক্ষমা নোখোজে তেন্তে আদালতৰ দাৰস্থ হ’ব বাগিচাবাসী ৷

লগতে চাওকঃমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰক লৈ ৰাজ্যজুৰি ব্যাপক চৰ্চা

ABOUT THE AUTHOR

...view details