মৰাণ, 24 মাৰ্চ : সোণাৰিত অঘটন ৷ বৃহস্পতিবাৰে দিন দুপৰতে সোণাৰিত যুৱ ব্যৱসায়ীৰ ওপৰত আক্ৰমণ চলালে পিতা-পুত্ৰই। পিতা-পুত্ৰই চোকা অস্ত্ৰৰে ডিঙিত ঘপিয়ালে যুৱ ব্যৱসায়ী চন্দন গগৈক (Attack on Youth businessman at Sonari)। এই অভিযোগ তৰিছে ভুক্তভোগী যুৱ ব্যৱসায়ী চন্দন গগৈয়ে ৷
ভুক্তভোগী ব্যৱসায়ীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, কিছুদিন পূৰ্বে সোণাৰি কাকতিবাৰীস্থিত তেওঁৰ বাসগৃহত কোনো অচিনাক্ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰিছিল ৷ তাৰ পিছত বৃহস্পতিবাৰে দুজন ব্যক্তিয়ে আক্ৰমণ কৰে যুৱ ব্যৱসায়ী চন্দন গগৈক । ভুক্তভোগী যুৱ ব্যৱসায়ীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, ভূপেন বৰগোহাঁই আৰু সঞ্জীৱ বৰগোহাঁই নামৰ পিতা-পুত্ৰই আক্ৰমণ কৰে ব্যৱসায়ীগৰাকীক ৷