জনজাতিকৰণৰ দাবীত দুলীয়াজানত আটাছুৰ বাইক ৰেলী মৰাণ,১১ নৱেম্বৰ : জনজাতিকৰণৰ দাবীত টাই আহোম জনগোষ্ঠীৰ বিভিন্ন সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে । অসমৰ ৬ জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰা বিষয়টো বৰ্তমান সময়ত কেৱল নিৰ্বাচনী প্ৰতিশ্ৰুতি বুলিও অভিযোগ উঠিছে । কিয়নো প্ৰতিখন চৰকাৰে অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সেই প্ৰতিশ্ৰুতি আজিলৈ কাৰ্যকৰী নহ'ল ।
পুনৰ লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যত পুনৰ বিষয়টোৱে চৰ্চা লাভ কৰিছে । শাসনলৈ অহাৰ পূৰ্বে শাসকীয় বিজেপিয়েও অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল যদিও বৰ্তমান বিষয়টো আগবঢ়া নাই । যাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত টাই আহোমকে ধৰি ৬ জনগোষ্ঠীৰ দল-সংগঠনে তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰিছে ।
শনিবাৰে টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত দুলীয়াজানত বৃহৎ বাইক ৰেলীৰ আয়োজন কৰে সদৌ টাই আহোম ছাত্ৰ সন্থাই । এই বাইক ৰেলীৰ জৰিয়তে সংগঠনটোৱে পুনৰ এবাৰ চৰকাৰক সকীয়াই দিয়ে । লোকসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ দাবী উত্থাপন কৰি সংগঠনটোৱে দাবী কৰে যে যদি চৰকাৰে এইক্ষেত্ৰত পদক্ষেপ নলয় তেনেহ'লে সংগঠনটোৱে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব । সংগঠনটোৰ মতে চৰকাৰে টাই আহোমসকলক মিছা প্ৰতিশ্ৰুতি দি আহিছে । সংগঠনটোৰ অভিযোগ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনৰ পাছত নেতাসকলে এই বিষয়বোৰ আওকান কৰি আহিছে ।
সমগ্ৰ ডিব্ৰুগড় জিলাত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰো হুংকাৰ দিয়ে সংগঠনটোৱে । সংগঠনটোৰ বাইক ৰেলীত আটাছুৰ দুলীয়াজান আঞ্চলিক সমিতিৰ লগতে ডিব্ৰুগড় জিলা সমিতিৰ বিষয়ববীয়াসকলেও অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক :ASSU’s 18th Central Conference:মৰিগাঁও সাজু হৈছে আছুৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশনৰ বাবে