মৰাণ, 10 আগষ্ট : সোমবাৰে বিশ্ব আদিবাসী দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্তত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে অসম আদিবাসী ছাত্ৰ সন্থা (ASU)ই ৷ আদিবাসী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়েও আদিবাসীসকলৰ প্ৰাপ্য অধিকাৰ বিচাৰি ৰূপায়ণ কৰে মানৱ শৃংখল কাৰ্যসূচী ৷ আদিবাসী জনগোষ্ঠীক জনজাতিকৰণ, মাটিৰ পট্টা প্ৰদান কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰী 351 টকালৈ বৃদ্ধিৰ কৰা আদিৰ দাবীৰে সাংস্কৃতিক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ ASU ৰ ৷
খনিকৰত আদিবাসী ছাত্ৰ সন্থাৰ সাংস্কৃতিক মানৱ শৃংখল কাৰ্যসূচী - ডিব্ৰুগড়ত ASUৰ প্ৰতিবাদ
সোমবাৰে ডিব্ৰুগড়ৰ খনিকৰ চাৰিআলিত আদিবাসী জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ লগতে বহুকেইটা দাবীৰে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ অসম আদিবাসী ছাত্ৰ সন্থা (ASU)ৰ ৷ নাগৰা, ঢোল, ধনু কাঁড় প্ৰদৰ্শনৰ লগতে আদিবাসী গীতেৰে চৰকাৰৰ বিৰুদ্ধে সাংস্কৃতিক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে আছাই ৷
ডিব্ৰুগড়ৰ খনিকৰ চাৰিআলিত ASU ৰ কেন্দ্ৰীয় উপ-সভাপতি ৰিচা মুণ্ডা, জিলা উপ-সভাপতি নৃপেন মুণ্ডা, সহকাৰী সম্পাদক সঞ্জীৱ ওৰাং, সাংগঠনিক সম্পাদক পল ৰাইত্বৰ নেতৃত্বত নাগৰা, ঢোল, ধনু কাঁড় প্ৰদৰ্শনৰ লগতে আদিবাসী গীতেৰে উত্তাল কৰি তোলে ৰাজপথ । আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰিলে আন্দোলন তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।
আদিবাসী জনগোষ্ঠীসকলৰ ওপৰত শোষণ চলাইছে চৰকাৰে । শ্ৰমিকৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানত চূড়ান্ত ব্যৰ্থতাৰ অভিযোগ তুলি শীঘ্ৰে এই সমস্যা সমাধানৰ দাবী কৰে ASU ৰ সদস্যই । উল্লেখ্য যে, ৰাষ্ট্ৰসংঘই 1994 চনৰ 9 আগষ্টত জেনেভাত প্ৰথম ‘বিশ্ব আদিবাসী দিৱস’ পালন কৰিছিল ।
লগতে পঢ়ক :আদিবাসী হোজাই জিলা সমিতিৰ উদ্যোগত মানৱ শৃংখল কাৰ্যসূচী