মৰাণ ১ ফেব্ৰুৱাৰী : সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত নাগৰিকত্ব সংশোধনী আইন , ২০১৯ বাতিলৰ দাবীত শনিবাৰে মৰাণত তীব্ৰ প্ৰতিবাদ ৷ মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত "মানৱ শৃংখলেৰে বিক্ষোভ কাৰ্যসূচী" ৰূপায়ন কৰা হয় ৷ মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰোহিনী গগৈ, সম্পাদক অবিনাশ শৰ্মা, চৰাইদেউ মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক অনুপজ্যোতি ভূঞাৰ নেতৃত্বত কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে মৰাণত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শৃংখলাবদ্ধ ভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মৰাণত আছুৰ প্ৰতিবাদ - মৰাণ আঞ্চলিক ছাত্ৰ সন্থা
সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত নাগৰিকত্ব (সংশোধনী) আইন - ২০১৯ বাতিলৰ দাবীত মৰাণত তীব্ৰ প্ৰতিবাদ ৷ মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শনিবাৰে "মানৱ শৃংখলেৰে বিক্ষোভ কাৰ্যসূচী" ৰূপায়ন কৰা হয় ।

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মৰাণত আছুৰ প্ৰতিবাদ
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মৰাণত আছুৰ প্ৰতিবাদ
প্ৰতিবাদী সকলে বি জে পি চৰকাৰ মুৰ্দাবাদ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, বিত্তমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা মুৰ্দাবাদ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন জাতীয় সংগঠনৰ নেতা কৰ্মী সকলৰ উপৰিও বহু কেইজন বিশিষ্ট নাগৰিকে অংশগ্ৰহণ কৰে । আনহাতে খোৱাঙতো খোৱাং আঞ্চলিক ছাত্ৰ সন্থাই 'কা' বিৰোধিতাৰে মানৱ শৃংখলেৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক ৰাহুল কোঁৱৰৰ লগতে খোৱাঙৰ শতাধিক ৰাইজে অংশ গ্ৰহণ কৰে ৷