মৰাণ, ২৩ ফেব্ৰুৱাৰী:চাহ বাগিচাৰ এজন সহকাৰী পৰিচালকৰ কৰ্মকাণ্ডই এতিয়া জোকাৰি গৈছে ডিব্ৰুগড় জিলা । জিলাখনৰ দুলীয়াজানস্থিত ভাদৈ পাঁচআলিৰ ঢেকীয়াজুলি চাহ বাগিচাৰ বাংলোত এগৰাকী যুৱতীক বনকৰা কৰ্মী হিচাপে ৰাখি সহকাৰী পৰিচালক মনোজ ডেকাই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । চাহ বাগিচাৰ এইগৰাকী সহকাৰী পৰিচালকৰ কৰ্মকাণ্ডই এতিয়া লজ্জানত কৰিছে সমগ্ৰ অঞ্চলটোৰ ৰাইজক (Protest at Dhekiajuli Tea Estate in Dibrugarh)।
ঘটনাৰ বিৱৰণি অনুসৰি, নাহৰকটীয়াৰ বাসিন্দা তথা ঢেকীয়াজুলী চাহ বাগিচাৰ সহকাৰী পৰিচালক মনোজ ডেকাই দুলীয়াজানস্থিত ভাদৈ পাঁচআলিৰ ঢেকীয়াজুলি চাহ বাগিচাৰ এগৰাকী ২০ বছৰীয়া যুৱতীক বাগিচাখনৰ বাংলোত বনকৰা কৰ্মী হিচাপে নিয়োগ কৰিছিল । অভিযোগ অনুসৰি মনোজ ডেকাৰ বাংলোত বিগত কেইবাবছৰ ধৰি কাম কৰা পিছত শেহতীয়াকৈ বাগিচাৰ সহকাৰী পৰিচালকগৰাকীয়ে যুৱতীগৰাকীৰ ওপৰত চলাইছিল অকথ্য শাৰীৰিক তথা মানসিক নিৰ্যাতন (Physical assault on young woman in Dibrugarh)।
বুধবাৰে অসম চাহ জনজাতি ছাত্র সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু অসম চাহ মজদুৰ সংঘৰ দুলীয়াজানৰ ভাদৈ উপ শাখাৰ এটি সঁজাতি দলে তৰাজানৰ ঢেকীয়াজুলী চাহ বাগিচাৰ প্ৰৱেশ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে (Assam Tea Tribes Students Union protest in Dibrugarh)। লগতে সংগঠটোৱে মনোজ ডেকাক চাহ বাগিচাৰ পৰা বহিষ্কাৰ কৰাৰ দাবী জনায় ।