ডিব্ৰুগড়, 13 জুন : আন্তঃৰাষ্ট্ৰীয় আইন, মানৱ অধিকাৰ আৰু বিশ্ব শান্তিৰ বাবে গঠন হোৱা ৰাষ্ট্ৰসংঘৰ মজিয়াত এইবাৰ অসমৰ সমস্যাৰ কথা অৱগত কৰে চাৰিজনীয়া অসমৰ প্ৰতিনিধিৰ দলে । 6 জুনৰ পৰা 9 জুনলৈ ৰাষ্ট্ৰসংঘৰ মজিয়াত অনুষ্ঠিত বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে অসমৰ চাৰিজনীয়া প্ৰতিনিধিৰ দলটোৱে । অনুষ্ঠান সামৰি সোমবাৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হোৱাৰ পিচতেই দল-সংগঠনে বিপুল আদৰণি জনালে অসমৰ চাৰিজনীয়া প্ৰতিনিধি দলটোক ।
ইণ্ডিজিনিয়াছ পিপুল অৱ ম্যুং ডুন চ্যুং খাম আসামৰ চাৰিজনীয়া প্ৰতিনিধি দলটোৱে অংশগ্ৰহণ কৰিছিল থাইলেণ্ডত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ অধিৱেশনত । দলটোত আছিল অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া, বিশিষ্ট লেখক তথা ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দুৰ্লভ চেতিয়া, বিশিষ্ট চিকিৎসক ডাঃ অতুল বৰগোঁহাই, শিক্ষাবিদ প্ৰিয়বৰ কোঁৱৰ আৰু বিৰেণ চেতিয়া । জানিব পৰা মতে, আন্তঃৰাজ্যিক পাৰ-পত্ৰকে ধৰি ৰাষ্ট্ৰসংঘৰ মজিয়াত অসমৰ কেতবোৰ জ্বলন্ত সমস্যা উত্থাপন কৰে ।