আৰ্তজনলৈ সাহাৰ্য আগবঢ়ালে কণ্ঠশিল্পী নীল আকাশ, কুসুম কৈলাশে - মৰাণহাট আৰক্ষীৰ ফুড ফৰ অল কাৰ্যসূচী
মৰাণহাট আৰক্ষীৰ ফুড ফৰ অল কাৰ্যসূচী ৷ লক্ ডাউনৰ আৰম্ভণিৰ পৰা আজি লৈকে একেৰাহে সমাজকৰ্মীৰ সহযোগত আৰ্তজনক দুপৰীয়া এসাঁজ যোগান ধৰি আহিছে মৰাণহাট আৰক্ষীয়ে । মৰাণহাট আৰক্ষী থানাই প্ৰত্যেকদিনাই সমাজকৰ্মী আৰু দল সংগঠনৰ সহযোগত ১৫০ জনতকৈ অধিক লোকক আহাৰ যোগান ধৰি আহিছে । সোমবাৰে এই কাৰ্যসূচীৰ অন্তৰ্গত খাদ্য বিতৰণ কৰিলে কণ্ঠশিল্পী নীলআকাশ, কুসুম কৈলাশে ৷

দৰিদ্ৰজনক খাদ্য বিতৰণ কৰিলে কণ্ঠশিল্পী নীল আকাশ, কুসুম কৈলাশে
মৰাণ,5 মে'ঃলক্ ডাউনত স্তব্ধ জনজীৱন । মহামাৰী ক'ৰণা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ অহৰহ চেষ্টা কৰিছে চৰকাৰে । লক্ ডাউনৰ ফলত খাদ্য সংকটত পৰিছে দৈনিক হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া লোকসকল ।
দৰিদ্ৰজনক খাদ্য বিতৰণ কৰিলে কণ্ঠশিল্পী নীল আকাশ, কুসুম কৈলাশে