অসম

assam

ETV Bharat / state

Govt schools in assam : ৰাজ্যৰ শিক্ষা মন্ত্ৰীৰ পদটো নাইকিয়া কৰাৰ দাবী অসমীয়া যুৱ মঞ্চৰ - govt vs private schools in Assam

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক ৰঙা দলিচা পাৰি দিবৰ বাবে ৰাজ্য চৰকাৰে 11272 খন বিদ‍্যালয় বন্ধ কৰাৰ সিদ্ধান্তক নিন্দা অসমীয়া যুৱ মঞ্চৰ ৷ ৰাজ্যৰ শিক্ষা মন্ত্ৰীৰ পদটো উঠাই দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় অসমীয়া যুৱ মঞ্চৰ সম্পাদক ধৰ্মকান্ত গগৈয়ে ৷

Govt schools in assam
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক ৰঙা দলিচা

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 8:29 AM IST

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক ৰঙা দলিচা

ডিব্ৰুগড়, 1 ছেপ্টেম্বৰ: ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহত ক্ৰমাৎ কমি অহা শিক্ষাৰ্থীৰ সংখ্যা আৰু শিক্ষাৰ মান সন্দৰ্ভত বিতৰ্ক অব্যাহত থকাৰ মাজতে ৰাজ্য চৰকাৰে 11272 খন বিদ‍্যালয় বন্ধ কৰাৰ সিন্ধান্ত লৈছে ৷ শিক্ষা বিভাগৰ এই সিদ্ধান্তই অসমৰ ৰাইজৰ মাজত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । শেহতীয়াকৈ শিক্ষা বিভাগে বিভিন্ন কাৰণ ব্যাখ্যা কৰি চৰকাৰী বিদ্যালয় বন্ধ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতেই এই সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ জনাইছে ৰাজ্যৰ ছাত্ৰ সংগঠনসমূহে ।

শুকুৰবাৰে অসমৰ বিভিন্ন জ্বলন্ত সমস্যা সন্দৰ্ভত ডিব্ৰুগড়ত এক সংবাদমেল সম্বোধন কৰে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিয়ে । কেন্দ্ৰীয় নেতৃত্বত নতুনকৈ সম্পাদকৰ দায়িত্ব লোৱা ধৰ্মকান্তৰ গগৈয়ে ৰাজ্য চৰকাৰৰ চৰকাৰী বিদ্যালয় বন্ধ কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে । তেওঁ কয় যে, ব্যক্তিগত খণ্ডৰ বিদ্যালয় আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰে 11272 খন বিদ‍্যালয় বন্ধ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে ।

চৰকাৰৰ দুৰ্বলতাৰ বাবে এইসমূহ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি গৈছে বুলি গগৈয়ে কয় । শিক্ষাৰ্থী নথকাৰ বাবে যদি বিদ্যালয় বন্ধ হ'ব লাগে তেন্তে বিদ্যালয় বন্ধ কৰিব লগা হোৱা কাৰণতেই ৰাজ্যৰ শিক্ষা মন্ত্ৰীৰ পদটো নাইকিয়া কৰিবলৈ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনায় অসমীয়া যুৱ মঞ্চৰ সম্পাদক ধৰ্মকান্ত গগৈয়ে । চৰকাৰে ৰাজ্যৰ ব্যক্তিগত বিদ্যালয়সমূহক ৰঙা দলিচা পাৰি দিয়াৰ ফলতে এটা সময়ত অসমৰ পৰা চৰকাৰী বিদ্যালয় নোহোৱা হ'ব বুলি আক্ষেপ প্ৰকাশ কৰি সংগঠনটোৰ নৱনিৰ্বাচিত সম্পাদকগৰাকীয়ে চৰকাৰী শিক্ষা ব্যৱস্থাৰ মানদণ্ড উন্নত কৰিবলৈ আহ্বান জনাই ৰাজ্য চৰকাৰক ।

লগতে পঢ়ক:Artificial Flood in Guwahati: নাৰেংগী, নুনমাটি, ভিআইপি পথৰ ওপৰত একাঠু পানী, কৃত্ৰিম বানৰ কবল মহানগৰবাসী

ABOUT THE AUTHOR

...view details