অসম

assam

ETV Bharat / state

60 দশকৰ অসমৰ মিউজিক বেণ্ড "দ্যা কুইভাৰ্ছ"ৰ কথাৰে..

আমেৰিকান ৰক বেণ্ড The Ventures,ইংলিছ ৰক বেণ্ড ক্ৰমেThe Beatles,The Rolling Stones,Dire Straits আদিৰ প্ৰতি অতিকৈ দুৰ্বলতা আছিল আটাইকেইজনৰ । যেন অসমৰ সংগীত ইতিহাসত চিনাকি হৈ ৰ'বলৈকে সহপাঠী হৈ পৰিছিল এই কেইজন ছাত্ৰ । যৌৱনৰ অদম্য উৎসাহ, প্ৰেৰণা ভৰা সময়,সংগীতৰ ৰাপ, প্ৰাশ্চাত্য সংগীতৰ দুৰ্বলতা ইত্যাদিৰ মাজত কলেজতেই চৰ্চা চলাই থাকোতে মনলৈ আহিল " আমিও দেখোন এটা বেণ্ড গঠন কৰিব পাৰো, আৰু সৃষ্টি হ'ল অসমৰ প্ৰথম তিনিটা বেণ্ডৰ মাজৰ "দ্যা কুইভাৰ্ছ" মিউজিক বেণ্ড ।

Assamese music band "The Quivers" from the 60's
60 দশকৰ অসমৰ মিউজিক বেণ্ড "দ্যা কুইভাৰ্ছ"

By

Published : Aug 27, 2020, 7:11 PM IST

Updated : Aug 27, 2020, 10:05 PM IST

ডিব্ৰুগড়,27আগষ্টঃতেতিয়া ৬০ৰ দশক,অসমত তেতিয়া পাশ্চাত্য সংগীতৰ প্ৰভাৱ নাই বুলিবই পাৰি । অসমৰ বজাৰত তেতিয়া উপলব্ধ নহয়,পাশ্চাত্য সংগীতত ব্যৱহৃত Jazz drum set,Kongo, Accordion,Bass guitar,hawaiian guitar আদিৰ দৰে বাদ্যযন্ত্ৰ । হয়তো ইয়াৰে কেইবাবিধ বাদ্যযন্ত্ৰ বজোৱা মানুহ অসমত সেই সময়ত কেইজনমানহে আছিল । এনে সময়তে উজনিৰ ঐতিহ্য মণ্ডিত কানৈ মহাবিদ্যালয়ত সংগীত ভালপোৱা কেইজনমান ছাত্ৰৰ শিক্ষা গ্ৰহণৰ যোগেদি অপূৰ্ব মিলন । ভিন্ন বাদ্যযন্ত্ৰ বজোৱা আৰু সংগীতৰ প্ৰতি দুৰ্বাৰ হেঁপাহ থকা এই ছাত্ৰ কেইজনৰ দুৰ্বলতাও প্ৰায় একেই আছিল" সেই সময়ত বিশ্ব খ্যাত হৈ পৰা পাশ্চাত্যৰ "মিউজিক বেণ্ড"।

আমেৰিকান ৰক বেণ্ড The Ventures,ইংলিছ ৰক বেণ্ড ক্ৰমেThe Beatles,The Rolling Stones,Dire Straits আদিৰ প্ৰতি অতিকৈ দুৰ্বলতা আছিল আটাইকেইজনৰ । যেন অসমৰ সংগীত ইতিহাসত চিনাকি হৈ ৰ'বলৈকে সহপাঠী হৈ পৰিছিল এই কেইজন ছাত্ৰ । যৌৱনৰ অদম্য উৎসাহ, প্ৰেৰণা ভৰা সময়,সংগীতৰ ৰাপ, প্ৰাশ্চাত্য সংগীতৰ দুৰ্বলতা ইত্যাদিৰ মাজত কলেজতেই চৰ্চা চলাই থাকোতে মনলৈ আহিল " আমিও দেখোন এটা বেণ্ড গঠন কৰিব পাৰো, আৰু সৃষ্টি হ'ল অসমৰ প্ৰথম তিনিটা বেণ্ডৰ মাজৰ "দ্যা কুইভাৰ্ছ" মিউজিক বেণ্ড ।

60 দশকৰ অসমৰ মিউজিক বেণ্ড "দ্যা কুইভাৰ্ছ"ৰ কথাৰে..

ইফালে কানৈ মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা সেই ছাত্ৰ কেইজনেই আছিল ক্ৰমে বৰ্তমানৰ অসম খ্যাত শিল্পী একৰ্ডয়ান পিয়ান' বাদক,কম্পজাৰ, ছাউণ্ড ৰেকৰ্ডিষ্ট ভৱেশ গোস্বামী,অসমৰ বিখ্যাত সংগীত শিল্পী প্ৰসিদ্ধ গীটাৰ বাদক,অনন্য কন্ঠৰ গৰাকী চৈয়দ ছাদুল্লা,প্ৰয়াত সুদক্ষ অভিনেতা বিজু ফুকন,গীতিকাৰ নাট্যকাৰ হেমন্ত দত্ত, প্ৰসিদ্ধ সংগীত শিল্পী ৰাজেন গোহাঁই,প্ৰয়াত শিল্পী প্ৰবীন গোস্বামী,গীটাৰ বাদক ক্ৰমে জিয়াউৰ ৰহমান, নজিফুৰ ৰহমান আদি।কিন্তু তেতিয়া কলেজীয়া ছাত্ৰ যিহেতু,দামী বাদ্যযন্ত্ৰ সমূহৰ কিনিব কেনেকৈ । হাতত থকা দুই এপদ বাদ্যযন্ত্ৰৰে আয়োজন কৰিলে কুইভাৰ্ছ বেণ্ডৰ অনুষ্ঠানৰ আৰু সেই পইচাৰেই সূদূৰ কলিকতাৰ কিনি পৰা আনিলে কুইভাৰ্ছৰ ইনষ্ট্ৰোমেন্ট ।

৬০ দহকৰ পৰাই এই বেণ্ডটোক ক্ৰমান্বয়ে অসমৰ মানুহে আদৰিবলৈ ধৰে । ৬৭ চনত কুইভাৰ্ছে অনাতাঁৰ স্বীকৃতি লাভ কৰে।দ্যাকুইভাৰ্ছে নিমন্ত্ৰণ পাবলৈ ধৰে ৰাজ্যৰ বিভিন্ন সংগীতৰ অনুষ্ঠানত । অৱশ্যে কেৱল প্ৰাশ্চাত্য সংগীতেই নহয় দ্যা কুইভাৰ্ছে সমান্তৰালকৈ থলুৱা সংগীতৰ চৰ্চাৰেও জনপ্ৰিয়তা অৰ্জন কৰি গৈছিল । কলেজীয়া ছাত্ৰৰ দলটোৰ এই সকল যুৱকে সেই সময়তে লাভ কৰে ভূপেন হাজৰিকা,জয়ন্ত হাজৰিকা,খগেন মহন্ত, বীৰেণ দত্ত,দীপেন বৰুৱাৰ দৰে শিল্পীৰ লগতে বিখ্যাত অসমীয়া চলচ্চিত্ৰ ড' বেজবৰুৱাৰ পৰিচালক স্বৰ্গীয় ব্ৰজেন বৰুৱাৰ সান্নিধ্য ।

এই কুইভাৰ্ছৰ মজিয়াৰ পৰাই চকুত পৰি প্ৰয়াত অভিনেতা বিজু ফুকনক চুক্তিবদ্ধ কৰা হৈছিল অভিনেতা হিচাপে বৰুৱাৰ সংসাৰ বোলছবিত । তাৰ পাছৰ পৰাই বিজু ফুকনে অসমীয়া বোলছবি জগতত অপ্ৰতিৰুদ্ধ সফলতা লাভ কৰিবলৈ ধৰে । কেৱল সান্নিধ্যই নহয় কুইভাৰ্ছৰ সংগীতত মন্ত্ৰমুগ্ধ হৈ শ শ দৰ্শকৰ সন্মুখত ভূপেন হাজৰিকাই কৈছিল "কুইভাৰ্ছৰ সংগীতত মই মুগ্ধ, কুইভাৰ্ছৰ সুৰ আছে,তাল আছে লয় আছে কিন্তু অত্যাচাৰ নাই"

আৰু সেই মঞ্চতে প্ৰশংসাৰে ভূপেনদাই দ্যা কুইভাৰ্ছক এখন শৰাই আগবঢ়োৱাৰ কথা আজিও সোঁৱৰে ছাদুল্লা,ভৱেশ গোস্বামী আদিয়ে।কিন্তু কেইবাটাও যুগ জয়ী কুইভাৰ্ছ বেণ্ড এতিয়া যেন ক্ৰমান্বয়ে থমকি ৰ'ব ধৰিছে । একেই আত্মীয়তা, আবেগেৰে বান্ধ খাই আছে যদিও সময়ৰ সোঁতত কুইভাৰ্ছৰ বেণ্ডৰ স্ৰষ্টা সকল আঁতৰি পৰিছে । উপায়হীন বাধ্যবাধকতাত কুইভাৰ্ছৰ সতীৰ্থই বান্ধি থ'ব লগা হৈছে সেই একত্ৰিত সোণালী জয়যাত্ৰাৰ ধাৰা । অৱশ্যে শিল্পী চৈয়দ ছাদুল্লা, ভৱেশ গোস্বামী,ৰাজেন গোহাঁই আদিৰ গৃহত আজিও আতুমতুকাৰিকৈ ৰখা হৈছে কুইভাৰ্ছৰ সোণালী দিনৰ মৰমৰ বাদ্যযন্ত্ৰ সমূহ।লগতে সমান্তৰালকৈ অব্যাহত আছে সংগীতৰ চৰ্চা আৰু ৬০ দশকৰে সেই বিখ্যাত বেণ্ড দ্যা কুইভাৰ্ছৰ স্বৰ্ণিল যাত্ৰাৰ বৰ্ণিল অনুভূতিৰ ৰোমন্থন ।

লগত পঢ়কঃৰাহুল গান্ধীৰ স্থান আন কোনো লোকে ল'ব নোৱাৰে: ৰিপুন বৰা

Last Updated : Aug 27, 2020, 10:05 PM IST

ABOUT THE AUTHOR

...view details