মৰাণ, ৯ মে' :অগ্নিগৰ্ভা মণিপুৰত আৱদ্ধ হৈ থকা অসমীয়া ফুটবল খেলুৱৈক উদ্ধাৰ (Manipur violence update)। নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ তৎপৰতাত অগ্নিগৰ্ভা মণিপুৰত আৱদ্ধ হৈ থকা এজন অসমীয়া ফুটবল খেলুৱৈক সুকলমে উদ্ধাৰ কৰি আনিবলৈ সক্ষম হৈছে (Assamese football player rescued from Manipur)। নাম মৃন্ময় গগৈ ৷ এই ফুটবল খেলুৱৈজন নিজা বাসগৃহত উপস্থিত হোৱাৰ পিছতেই বিধায়কগৰাকীৰ নামত বিহু জুৰি আনন্দ উল্লাস কৰিলে গাঁওবাসীয়ে ।
উল্লেখ্য কৰা প্ৰয়োজন যে, অশান্ত মণিপুৰৰ চৌদিশে কেৱল জুই আৰু ধোঁৱা । জনজাতি অজনজাতি সংঘাতৰ মাজত আৱদ্ধ নাহৰকটীয়াৰ এজন যুৱক । মণিপুৰত আৱদ্ধ এজন যুৱকক সুকলমে উদ্ধাৰ কৰি আনিলে বিধায়ক তৰংগ গগৈয়ে (Naharkatia MLA Taranga Gogoi)। নাহৰকটীয়া বাহণি গাঁৱৰ জীৱন গগৈ আৰু লক্ষীপ্ৰভা গগৈৰ পুত্ৰ মৃন্ময় গগৈয়ে মণিপুৰৰ ইম্ফলৰ ভাৰতীয় ক্ৰীড়া প্ৰাধীকৰণ চমুকৈ ছাই একাডেমিত এগৰাকী ফুটবল খেলুৱৈ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল ।
শেষতীয়াকৈ মণিপুৰত অশান্ত পৰিৱেশ সৃষ্টি হোৱাত ভয় আৰু শংকাত দিন অতিবাহিত কৰিব লগা হৈছিল যুৱকজনৰ লগতে পৰিয়ালবৰ্গ (Rescue operation in Manipur)। এই কথা নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে অৱগত হোৱাত তেওঁ তাৎক্ষণিকভাৱে পদক্ষেপ গ্ৰহণ কৰি যুৱকজনক ইম্ফলৰ পৰা উদ্ধাৰ কৰি আনিবলৈ সক্ষম হয় ।