অসম

assam

ETV Bharat / state

সংগীত নাটক অকাডেমীলৈ মনোনীত অসমৰ ড৹ অনিল শইকীয়া - সংগীত নাটক একাডেমীলৈ মনোনীত অসমৰ ড৹ অনিল শইকীয়া

অসমৰ কলা সংস্কৃতিৰ জগতলৈ সুখবৰ ৷ মৰাণ নিবাসী লোক সংস্কৃতিৰ গৱেষক ড৹ অনিল শইকীয়া মনোনীত হৈছে সংগীত নাটক অকাডেমীলৈ ৷ এই খবৰে অসমৰ সাংস্কৃতিক জগতখনক চহকী কৰি তুলিছে (Assamese folk culture researcher) ৷

assamese folk culture
লোক সংস্কৃতিৰ গৱেষক মৰাণৰ ড৹ অনিল শইকীয়া

By

Published : Jun 4, 2022, 2:21 PM IST

মৰাণ, 4 জুন : অসমৰ লোক সংস্কৃতি জগতলৈ সুখবৰ কঢ়িয়াই আনিলে লোক সংস্কৃতিৰ গৱেষক মৰাণৰ ড৹ অনিল শইকীয়াই ৷ ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগে সংগীত নাটক একাডেমীলৈ মনোনীত কৰিছে ড৹ অনিল শইকীয়াক (Dr Anil Saikia nominated to Sangeet Natak Akademi) ৷ সংগীত নাটক অকাডেমী ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত ভাৰতীয় সংগীত, নাটক আৰু নৃত্যৰ বিকাশ আৰু প্ৰচাৰৰ উদ্দেশ্যে স্থাপন কৰা এখন চৰকাৰী সন্থা ।

১৯৫২ চনৰ ৩১ মে' তাৰিখে ভাৰতৰ শিক্ষা মন্ত্ৰণালয়ৰ সহযোগত প্ৰতিষ্ঠা লাভ কৰা সংগীত নাটক একাডেমীয়ে দেশৰ পৰিবেশ্য কলা অৰ্থাৎ সংগীত, নৃত্য আৰু নাটকৰ শীৰ্ষ অনুষ্ঠান হিচাপে সমগ্ৰ ভাৰতত কাম কৰি আহিছে । শেহতীয়াকৈ মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট সাহিত্যিক, লোক সংস্কৃতিৰ গৱেষক ড৹ অনিল শইকীয়াক মনোনীত কৰা হৈছে সংগীত নাট একাডেমীলৈ । এই খবৰ লাভ কৰাৰ পিছতেই উৎফুল্লিত হৈ পৰিছে মৰাণৰ দল-সংগঠন আৰু বৌদ্ধিক সমাজ ৷

লোক সংস্কৃতিৰ গৱেষক মৰাণৰ ড৹ অনিল শইকীয়া

ৰাজ্যৰ সাংস্কৃতিক, শৈক্ষিক ক্ষেত্ৰত খনত ওতঃপ্ৰোত ভাৱে জড়িত থকা ড৹ অনিল শইকীয়াক সংগীত নাট একাডেমীলৈ মনোনীত কৰাত ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগক ধন্যবাদ জনাইছে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে ৷ ভাৰতীয় পৰিবেশ্য কলাৰ বিকাশ আৰু প্ৰচাৰৰ ক্ষেত্ৰত ড৹ শইকীয়াই গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰিব বুলি আশা প্ৰকাশ কৰিছে বৌদ্ধিক মহলে ।

ড৹ অনিল শইকীয়া মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা লোক সংস্কৃতিৰ গৱেষক আৰু শিৱসাগৰ জিলাৰ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিৰ লগতে মৰাণ শাখা উপদেষ্টা (Dr Anil Saikia folk culture researcher) ৷ সংগীত নাটক অকাডেমীলৈ মনোনীত হোৱা ড৹ অনিল শইকীয়াক মৰাণৰ দল সংগঠন আৰু বৌদ্ধিক সমাজে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে ।

লগতে পঢ়ক:সুহানাৰ ককাঁলৰ ভাজ দেখি ছচিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে তুলনা কৰিলে শিল্পা শেট্টীৰ সৈতে

ABOUT THE AUTHOR

...view details