তামিলনাডুত পণবন্দী অসমৰ যুৱক - অসমৰ যুৱক
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সৰ্বমুঠ 13 জন যুৱকক বন্দী কৰিলে শিলচৰৰ ঠিকাদাৰে ৷

ডিব্ৰুগড়, 28 জুলাই: জীৱিকাৰ সন্ধানত তামিলনাডুলৈ গৈ শিলচৰৰ ঠিকাদাৰ হাতত আবদ্ধ হব লগা হল অসমৰ যুৱক৷ অসমৰ বিভিন্ন প্ৰান্তৰ চৰাইদেউ, শিৱসাগৰ, ৰাজগড়, টিংখংৰ সহ মুঠ ১৩ জনকৈ যুৱকক আৱদ্ধ কৰি ৰাখিলে এজন ঠিকাদাৰে ৷ ঘটনা অনুসৰি যোৱা 11 আগষ্ট তাৰিখে তামিলনাডুৰ মুকুন্দ পালী বাসকৰা মটৰ পাৰ্টচ কোম্পানীত কৰ্মৰত অনিল পানীকা আৰু ইন্দ্ৰজিৎ পানীকাৰ, উদয় ধান, আছাফ টপ্ন আৰু কৰ্ণ ৰাজুৱাৰ নামৰ যুৱক কেইজনৰ পৰা আলম নামৰ এজন ঠিকাদাৰে আৱদ্ধ কৰি মাৰপিট কৰাৰ লগতে যুৱককেইজনৰ মোবাইল আৰু নথি পত্ৰ কাঢ়ি ৰখাৰ লগতে যুৱক কেইজনৰ পৰিয়ালৰ পৰা ৬৫ হাজাৰ টকা দাবী কৰে ৷ যাৰ ফলত আবদ্ধ হৈ পৰা যুৱককেইজনৰ পৰিয়ালৰ লোকে নাহৰকটীয়া আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ৷ উল্লেখযোগ্য যে গোচৰৰ ভিত্তিত তামিলনাডুৰ চিপকট আৰক্ষীয়ে যুৱকৰ দলটোক উদ্ধাৰ কৰি বৰ্তমান ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিছে ৷ মঙলবাৰে পুৱা যুৱকৰ দলটো ট্ৰেইন যোগে অসমলৈ ৰাওনা হৈছে ৷