অসম

assam

ETV Bharat / state

মায়ানগৰী মুম্বাইত উজলি উঠিছে অসম সন্তান মৰাণৰ জোন দিহিঙীয়া - মৰাণ জোন দিহিঙীয়া

"মহেঞ্জোদাৰো"ত অভিনয়ৰ জৰিয়তে নিজৰ যাত্ৰা আৰম্ভ কৰা এতিয়ালৈকে অভিনয় কৰিছে 10 খন বলিউডৰ ছবিত ৷ ২৪ ফেব্ৰুৱাৰীত মুক্তি পাব লগা "সূৰ্যবংশী"ক লৈ উৎসাহী শিল্পী গৰাকী ৷

Assamese boy joon Dihingia acts in Bollywood movie
বলীউডত প্ৰতিষ্ঠিত হৈছে মৰাণৰ ৰাজ

By

Published : Mar 16, 2020, 12:48 PM IST

Updated : Mar 16, 2020, 1:04 PM IST

ডিব্ৰুগড়,16 মাৰ্চঃ বলীউডত প্ৰতিষ্ঠিত হৈছে মুম্বাইত চিকিউৰিটি গাৰ্ডৰূপে কৰ্মজীৱন আৰম্ভ কৰা অসমীয়া যুৱক ৷ ৰূপালী পৰ্দাত ভুমুকি মৰা মৰাণ জোন দিহিঙীয়াই সুযোগ লাভ কৰিছে ইখনৰ পাছত সিখন বলীউড ছবিত ৷

2002 চনতেই কৰ্ম সংস্থাপন বিচাৰি সুদূৰ মুম্বাইলৈ ঢাপলি মেলিছিল মৰাণৰ সমীপৰ ধেমেচী বাম কলালোৰ নিবাসী জোন দিহিঙীয়া ওৰফে ৰাজে ৷ মুম্বাইত চিকিউৰিটি গাৰ্ড ৰূপে কৰ্মত যোগদান কৰা ৰাজে মুম্বাইত বলিউডৰ তাৰকা সকলক দেখি সপোন দেখিছিল বলিউডত অভিনেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ ৷ নিজ সপোন পূৰণৰ বাবে আহোপুৰুষাৰ্থ কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ ৰাজে শৰীৰ চর্চা আৰম্ভ কৰি নিজৰ দেহটোক আকৰ্ষণীয় কৰি তুলিবলৈ সক্ষম হয় ৷ "মিষ্টাৰ গুজৰাট"শীৰ্ষক শৰীৰ চৰ্চা প্ৰতিযোগিতাত শীৰ্ষ দহৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হয় ডিমৌৰ যুৱকজনে ৷

গোৰাম্বিত জোনৰ পিতৃ মাতৃ

ৰূপালী পৰ্দাত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা যুৱকজনে ২০১২ চনত ঋত্বিক ৰোচনৰ বলিউড ছবি "মহেঞ্জোদাৰো"ত অভিনয়ৰ জৰিয়তে আৰম্ভ কৰে তেখেতৰ বলিউড যাত্ৰা ৷ পৰৱৰ্তী সময়ত বলিউডত দহখন চিনেমাত অজয় দেৱগন, অক্ষয় কুমাৰ, আমিৰ খান, কেটৰিনা কাইফ ইত্যাদি বলিউডৰ তাৰকা সকলৰ লগত বিভিন্ন চৰিত্ৰত অভিনয় কৰি বলিউডত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে মৰাণ জোন দিহিঙীয়াই ৷

বলীউডত প্ৰতিষ্ঠিত হৈছে মৰাণৰ ৰাজ

উল্লেখযোগ্য যে, ২৪ ফেব্ৰুৱাৰীত শুভ মুক্তি হ'ব লগা ৰোহিত ছেত্ৰীৰ দ্বাৰা পৰিচালিত অক্ষয় কুমাৰ,জেকী শ্রুফ,অজয় দেৱগন আৰু কেটৰিনা কাইফ অভিনীত বহু প্ৰত্যাশিত ছবি "সূৰ্যবংশী"ত এজন আৰক্ষীৰ ভূমিকাত অভিনয় কৰিছে জোন দিহিঙীয়াই ৷ মুক্তি পাব লগা ছবিখনক লৈ খুবেই উৎসাহী অভিনেতাগৰাকী ৷ আনহাতে ৰাজৰ এই যাত্ৰাক লৈ খুবেই সুখী ধেমেচী বাম কলালোৰ নিবাসী পিতৃ খগেন দিহিঙীয়া আৰু মাতৃ তুলিকা দিহিঙীয়া। অসমবাসীক "সূৰ্যবংশী" চাবলৈ অনুৰোধ জনাইছে বলিউডস্থিত অসমৰ শিল্পী গৰাকীয়ে ৷

লগতে পঢ়কঃকৃষিবান্ধ নিৰ্মাণৰ নামত লখিমপুৰত কি চলিছে ?

Last Updated : Mar 16, 2020, 1:04 PM IST

ABOUT THE AUTHOR

...view details