মৰাণ,9 জুলাই:মৰাণৰ অন্তৰ্গত লেঙেৰী কাৱৈমাৰি গাঁৱত এজন যুৱকে দেখুৱাইছে অসমীয়াগিৰি ৷ নিজ ঘৰতে চেণ্ডেল প্ৰস্তুত কৰা কাৰখানা খুলি স্বাৱলম্বী হোৱাৰ পথত অগ্ৰসৰ হৈছে কভিডৰ বাবে কৰ্ম সংস্থাপন হেৰুৱাই বহিঃৰাজ্যৰ পৰা ঘৰলৈ উভতি অহা যুৱক প্ৰাঞ্জল শইকীয়া নামৰ এজন যুৱক ৷ এটা টায়াৰ কাৰখানাত কাম কৰি দুটা বছৰে লাভ কৰা অভিজ্ঞতাক লৈ যুৱকজনে ঘৰতে আৰম্ভ কৰিছে চেণ্ডেল প্ৰস্তুত কৰা কাৰখানাটো ৷ প্ৰায় ৩ লাখ টকা মূলধন খৰচ কৰি যুৱকজনে আৰম্ভ কৰিছে এই বিশেষ কামটো ৷
মহামাৰী ক'ভিডৰ সংহাৰী ৰূপ আৰম্ভ হোৱাৰ পূৰ্বে কেৰালাৰ এটা টায়াৰ নিৰ্মাণ কৰা কাৰখানাত নিয়োজিত হৈ আছিল প্ৰাঞ্জল ৷ কিন্তু ক'ভিড পৰিস্থিতিৰ গ্ৰাসত পৰি কৰ্ম সংস্থাপন হেৰুৱাই ঘৰলৈ উভতিব লগীয়া হৈছিল যুৱকজন ৷ ইমানৰ পাচতো হতাশ নহৈ যুৱকজনে নিজ ঘৰতে আৰম্ভ কৰিলে এটা চেণ্ডেল প্ৰস্তুত কৰা কাৰখানাটো ৷ নিজ কাৰখানাত প্ৰস্তুত হোৱা চেণ্ডেলে ডিব্ৰুগড় জিলাৰ বজাৰত বিশেষ সমাদৰ পাইছে বুলি জনালে প্ৰাঞ্জলে ৷