ডিব্ৰুগড়, 13 অক্টোবৰ: পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল ডিব্ৰুগড়ৰ এগৰাকী চাহ শ্ৰমিকৰ যুৱতী । আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস(International Day of the Girl Child) উপলক্ষে অনুষ্ঠিত হোৱা বিশেষ কাৰ্যসূচীত অংশগ্ৰহণেৰে ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে ডিব্ৰুগড় চহৰৰ উপকন্ঠ বকুল চাহ বাগিচাৰ(Bokel Tea Estate) যুৱতী উৰ্মিলা তাঁতী ।
আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপলক্ষে মঙলবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত(National Science Center) মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ উদ্যোগত ইউনিচেফ ইণ্ডিয়াৰ সহযোগত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিছিল ডিব্ৰুগড় জিলাৰ বকুল চাহ বাগিচাৰ যুৱতী উৰ্মিলা তাঁতীয়ে ।
ইউনিচেফে জীৱিকাৰ ওপৰত দক্ষতা প্ৰদানৰ ক্ষেত্ৰত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণীৰ(Minister Smriti Irani) সৈতে মত বিনিময় কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কিশোৰ-কিশোৰীক নিৰ্বাচন কৰিছিল । ইয়াৰে দক্ষতা বিকাশৰ প্ৰশিক্ষণ লাভ কৰা বকুল চাহ বাগিচাৰ উৰ্মিলা তাঁতীয়ে একমাত্ৰ অসমৰ প্ৰতিনিধি হিচাবে অংশগ্ৰহণ কৰিছিল ।