মৰাণ, 14 নবেম্বৰ : ডিব্ৰুগড়ত প্ৰদেশ কংগ্ৰেছৰ জাগৰণ কাৰ্যসূচী । কাৰ্যসূচীত অংশগ্ৰহণ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ঘোঁৰামৰা তিনিআলিৰ পৰা ঘোঁৰামৰা বজাৰলৈকে এক প্ৰতিবাদী সমদল বাহিৰ কৰে কংগ্ৰেছ দলে ।
এই কাৰ্যসূচীৰ জৰিয়তে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে দেওবাৰৰ শিশু দিৱস উপলক্ষে পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে । কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ উপৰিও প্ৰাক্তন সাংসদ ৰাণী নৰহ, প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন, প্ৰাক্তন বিধায়ক ৰাজু চাহু, এতোৱা মুণ্ডা আদিকে ধৰি কেইবাগৰাকী কংগ্ৰেছৰ শীৰ্ষ পৰ্যায়ৰ নেতাই অংশগ্ৰহণ কৰে ।