অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত আৰক্ষীৰ E-OFFICE মুকলি ! - assam police

ডিব্ৰুগড়ত আৰক্ষীৰ E-OFFICE মুকলি। উপায়ুক্ত পল্লৱ গোপাল ঝাই আনুষ্ঠানিকভাৱে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এই ব্যৱস্থাৰ আনুষ্ঠানিক মুকলি কৰে। এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বাবে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্ৰীজিৎ টিক ভূয়সী প্ৰশংসা কৰে উপায়ুক্তগৰাকীয়ে।

E OFFICE
E OFFICE

By

Published : Jun 2, 2020, 5:44 AM IST

ডিব্ৰুগড়, 1 জুন :ডিব্ৰুগড় জিলাত সোমবাৰে মুকলি কৰা হয় আৰক্ষীৰ E-OFFICE ৷ উপায়ুক্ত পল্লৱ গোপাল ঝাই আনুষ্ঠানিকভাৱে মুকলি কৰে এই ব্যৱস্থা ৷উল্লেখ যে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্ৰীজিৎ টিৰ তত্বাৱধানত কাৰ্যকৰী হোৱা এই ব্যৱস্থাৰ দ্বাৰা transparency maintain, ডাটা নিৰাপদে ৰখাৰ ব্যৱস্থা, সহজে ফাইল বিচাৰি উলিওৱাৰ ব্যৱস্থা,আন বিভাগলৈ নথি-পত্ৰৰ ক্ষীপ্ৰ আদান প্ৰদান ব্যৱস্থা আদিত সহায়ক হ'ব।

বিভিন্ন সময়ত আৰক্ষীৰ বহু পুৰণি ডাটা হেৰাই যোৱাৰ বাবে অপৰাধ জনিত বহু গোচৰ নিষ্পত্তিত বিসংগতি হোৱাৰ লগতে অপৰাধীও বাচি যোৱাৰ বাট মুকলি হয়। এই উন্নত ব্যৱস্থাৰ দ্বাৰা যথেষ্ট পৰিমাণে এইধৰণৰ অসুবিধা কমি আহিব। ইফালে কাগজ স্পৰ্শ নকৰাকৈ থকাৰ সুবিধাই কৰ'ণাৰ আতংকৰ মাজত আন এক লক্ষ্যণীয় দিশ কঢ়িয়াইছে এই ব্যৱস্থাত।

ডিব্ৰুগড়ত আৰক্ষীৰ E-OFFICE মুকলি !

এই উন্মোচনী অনুষ্ঠানতে উপস্থিত থকা জিলা তথ্য বিষয়া প্ৰমোদ নাথ জনাই যে এই E-OFFICE প্ৰক্ৰিয়াৰ ডাটা সমূহ চাৰি ঠাইত সংৰক্ষিত কৰা হ'ব। যাৰ পৰিপ্ৰেক্ষিতত ডাটা হেৰুৱাৰ কোনো সুবিধা নাথাকিব। অনুষ্ঠানত অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) পদ্মনাভ বৰুৱা, অতিৰিক্ত আৰক্ষী অধীক্ষক (নিৰাপত্তা) নিত্যানন্দ চুতীয়া, ডি এছ পি (সদৰ) পল্লৱী মজুমদাৰ,জিলা তথ্য আৰু জনসংযোগ বিষয়া সুলক্ষীনা কচাৰীও উপস্থিত থাকে।
লগতে পঢ়ক : কৰিমগঞ্জত বিদ্যুৎ কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details