অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ৰ টেঙাখাতত অসম আৰক্ষী দিৱস পালন - ছাত্ৰ-ছাত্ৰী

ডিব্ৰুগড়ৰ টেঙাখাতত অসম আৰক্ষী দিৱস পালন ৷ পৰিবেশ সংৰক্ষণৰ বাবে সজাগতা মূলক চাইকেল ৰেলী ৷

ডিব্ৰুগড়ৰ টেঙাখাতত অসম আৰক্ষী দিৱস পালন
ডিব্ৰুগড়ৰ টেঙাখাতত অসম আৰক্ষী দিৱস পালন

By

Published : Oct 1, 2021, 9:09 PM IST

ডিব্ৰুগড়, 1 অক্টোবৰ :জনহিত জন সেৱাৰ্থে মূল মন্ত্ৰক সৰোগত কৰি প্ৰতি বছৰে পহিলা অক্টোবৰ দিনটো পালন কৰা হয় অসম আৰক্ষী দিৱস হিচাপে ৷ ইয়াৰ লগত সংগতি ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ লগতে ডিব্ৰুগড়ৰ টেঙাখাত আৰক্ষী প্ৰশাসনৰ সৌজন্যতো এই দিৱস পালন কৰা হয় ৷

ডিব্ৰুগড়ৰ টেঙাখাতত অসম আৰক্ষী দিৱস পালন

এই উপলক্ষে শুকুৰবাৰে পুৱা ৬ বজাত টেঙাখাত থানাৰ পৰা আৰম্ভ কৰি টিংৰাই চাৰি আলি হৈ পুনৰ টেঙাখাতত সামৰণি পৰা এক সজাগতা মূলক চাইকেল ৰেলীৰ শুভাৰম্ভ কৰে টেঙাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিতুল মনি দাসে ৷

বিশেষকৈ পৰিবেশ সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰায় ১৫ কিলোমিটাৰ জুৰি বাহিৰ কৰা এই ৰেলীত আৰক্ষী লোকৰ লগতে স্থানীয় খেলুৱৈ, ছাত্ৰ-ছাত্ৰী তথা বহু কেইজন সচেতন ব্যক্তিকে ধৰি প্ৰায় শতাধিক লোকে অংশ গ্ৰহণ কৰে ৷ উল্লেখযোগ্য যে, এই ৰেলীৰ সময়ত পথৰ কাষত ঠায়ে ঠায়ে গছ পুলিও ৰোপন কৰে আৰক্ষী জোৱান সকলে ।

ইয়াৰ পাছতে টেঙাখাত লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলাৰ চৌহদত এক ধন্যবাদ সূচক বক্তব্য প্ৰদান কৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিতুলমনি দাসে এই ৰেলীৰ সামৰণি মাৰে আৰু ৰাইজৰ মাজত গছ পুলি বিতৰণ কৰা হয় ৷

লগতে পঢ়কঃ মাজুলীৰ আয়ুৰ্বেদিক হাস্পতালৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details