স্পৰ্টছ ডেস্ক, 16 ডিচেম্বৰ : ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজ্বলিল অসমৰ সন্তান অনিস্মিতা কোঁৱৰ ৷ নতুন দিল্লীত অনুষ্ঠিত খেল’ ইণ্ডিয়া পেৰা গেমছ 2023ত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ খেলুৱৈগৰাকীয়ে ৷ ইয়াৰ লগে লগে খেল’ ইণ্ডিয়া পেৰা গেমছত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ হিচাপে পৰিগণিত হ’ল অনিস্মিতা কোঁৱৰ ৷ উক্ত প্ৰতিযোগিতাৰ টি-37 শাখাৰ লং জাম্পত সোণ পদক লাভ কৰিবলৈ সক্ষম হৈছে অনিস্মিতাই ৷
আনহাতে অনিস্মিতাৰ সফলতাত উৎফুল্লিত ৰাজ্যবাসী ৷ ডিব্ৰুগড়ৰ এটা দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰা অনিস্মিতাৰ সফলতাক সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰজৰিয়তে খেলুৱৈগৰাকীক অভিনন্দন জ্ঞাপন কৰে ৷
উল্লেখ্য যে, 14 বছৰীয়া অনিস্মিতা কোঁৱৰে 2021 চনত প্ৰথমবাৰৰ বাবে ট্ৰে’কত নামিছিল আৰু একে বছৰতে বেংগালুৰুত অনুষ্ঠিত পেৰা নেশ্যনেল গেমছত 200 মিটাৰ দৌৰত স্বৰ্ণ আৰু 100 মিটাৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰিছিল । 2023 চনত পুনেত অনুষ্ঠিত নেশ্যনেল লং জাম্পতো সোণৰ পদক লাভ কৰিছিল অনিস্মিতাই ৷