মৰাণ, 8 আগষ্ট :ৰাজ্যৰ আৰ্থনৈতিক ক্ষেত্ৰখনলৈ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে নামৰূপৰ অসম পেট্ৰ’কেমিকেল লিমিটেডে (Assam petrochemical limited) । অসম চৰকাৰৰ লাভজনক উদ্যোগ অসম পেট্ৰ’কেমিকেল লিমিটেডে বিগত বিত্তীয় বৰ্ষত (previous financial year) ২৫ কোটি টকা লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷
চলিত বিত্তীয় বৰ্ষৰ ত্ৰিমাসিক সমীক্ষা অনুসৰি কোম্পেনীটোৱে ৬ কোটি টকা লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ কোম্পানীটোৰ কৰ্তৃপক্ষই জনোৱা মতে, কোম্পানীটোৰ ৫০ বছৰীয়া ইতিহাসত এয়া সৰ্বোত্তম লাভ ৷ কোম্পানীৰ অধ্যক্ষ বিকুল ডেকাৰ নেতৃত্বত আৰু বিষয়া- কৰ্মচাৰী সকলৰ অক্লান্ত পৰিশ্ৰমৰ ফলত এই সফলতা সম্ভৱ হৈছে বুলি জানিবলৈ দিছে ৷
উল্লেখ্য যে, কোম্পানীটোৱে বিগত সময়ত পুৰণি বজাৰ সম্প্ৰসাৰণ(expansion of old market), পুৰণি গ্ৰাহকৰ সৈতে নতুন সমন্ধ স্থাপন আদি কাৰিকৰী বিষয়ত গুৰুত্ব আৰোপ কৰি বাণিজ্যিক স্থিতি সবল কৰি তুলিছে ।