অসম

assam

ETV Bharat / state

AMCHত পত্নীৰ মৃতদেহৰ লগতে স্বামীৰ ৰক্তাক্ত দেহ উদ্ধাৰৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য - Superintendent of Assam medical college

অসম চিকিৎসা মহাবিদ্যালয়ৰ স্নানাগাৰত পত্নীৰ মৃতদেহৰ লগতে স্বামীৰ ৰক্তাক্ত দেহ উদ্ধাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে(Suicide at AMCH Dibrugarh) ৷ তিনিচুকীয়া আৰক্ষীৰ জিম্মাত কয়দী হিচাবে থকা লোকজনক চিকিৎসা মহাবিদ্যালয়খনত ভৰ্তি কৰোৱা হৈছিল ৷

Suicide at AMCH Dibrugarh
AMCত পত্নীৰ মৃতদেহৰ লগতে স্বামীৰ ৰক্তাক্ত দেহ উদ্ধাৰৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ

By

Published : Aug 27, 2022, 5:42 PM IST

ডিব্ৰুগড়, 27 আগষ্ট: ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত সংঘটিত ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে । ডিব্ৰুগড়ৰ AMC ত প্লাষ্টিক চাৰ্জাৰী বিভাগৰ স্নানাগাৰত এগৰাকী মহিলাৰ মৃতদেহৰ লগতে মমূৰ্ষ অৱস্থাত মহিলাগৰাকীৰ স্বামীক উদ্ধাৰ কৰা ঘটনাই সৃষ্টি কৰিছে । পৰৱৰ্তী সময়ত চিকিৎসাধীন অৱস্থাত স্বামীৰো মৃত্যু ঘটে (Prisoner death at AMC)৷

ঘটনা অনুসৰি চিকিৎসা মহাবিদ্যালয়খনৰ স্নানাগাৰত শুকুৰবাৰে উদ্ধাৰ হৈছিল মধুস্মিতা দাস নামৰ এগৰাকী মহিলাৰ মৃতদেহ (Lady found dead at AMC)৷ ইয়াৰ লগতে স্নানাগাৰটোৰ ভিতৰতে স্বামী ৰঞ্জিত দাসকো মমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰা হৈছিল ৷ চোকা অস্ত্ৰৰ দ্বাৰা আঘাতপ্ৰাপ্ত অৱস্থাত ৰঞ্জিত দাসক উদ্ধাৰ কৰাৰ লগতে পত্নী মধুস্মিতা দাস (৩৮)ৰ মৃতদেহ উদ্ধাৰ কৰা হয় । AMCHৰ প্লাষ্টিক চাৰ্জাৰী বিভাগত সংঘটিত হয় এই ঘটনা ।

AMCত পত্নীৰ মৃতদেহৰ লগতে স্বামীৰ ৰক্তাক্ত দেহ উদ্ধাৰৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ

উল্লেখ্য যে ১৫ আগষ্টত ৰঞ্জিত দাসক তিনিচুকীয়া আৰক্ষীয়ে ভৰ্তি কৰাইছিল AMCত । এছিড সেৱন কৰা বাবে ৰঞ্জিত দাসক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল চিকিৎসা মহাবিদ্যালয়খনত । আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত চলি আছিল ৰঞ্জিত দাসৰ চিকিৎসা । ৰঞ্জিত দাসৰ সৈতে পত্নী মধুস্মিতা দাস পৰিচাৰিকা হিচাবে আছিল চিকিৎসালয়খনত ।

কিন্তু শুকুৰবাৰ পুৱা প্ৰায় ৩.৩০ বজাত মধুস্মিতা দাস আৰু স্বামী ৰঞ্জিত দাসক স্নানাগাৰৰ মজিয়াত পৰি থকা প্ৰত্যক্ষ কৰা হয় । ইতিমধ্যে মধুস্মিতা দাসৰ মৃত্যু হোৱাৰ লগতে স্বামী ৰঞ্জিত দাসক মমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰি চিকিৎসকে জীৱিত কৰিবলৈ চেষ্টা কৰিছিল যদিও বিয়লি ৪ বজাত শেষ নিশ্বাস ত্যাগ কৰে । প্ৰথমে পত্নীক চোকা অস্ত্ৰৰে হত্যা কৰাৰ পাছত ৰঞ্জিত দাসে আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে । চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে পূৰ্বেও আত্মহত্যাৰ চেষ্টা চলাইছিল ৰঞ্জিত দাসে ।

এই ঘটনাক লৈ শনিবাৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় অধ্যক্ষই(Superintendent of Assam medical college) এক সংবাদমেল অনুষ্ঠিত কৰি সমগ্ৰ ঘটনা সংবাদ মাধ্যমৰ আগত অৱগত কৰে । এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি অধ্যক্ষগৰাকীয়ে কয়, তিনিচুকীয়া আৰক্ষীৰ অভিযুক্ত হিচাপে ৰঞ্জিত দাসক ভৰ্তি কৰোইছিল । ডিব্ৰুগড়ৰ চিকিৎসা মহাবিদ্যালয়ত উক্ত ঘটনা সংঘটিত হোৱাৰ দিনা চাৰিজনকৈ আৰক্ষীয়ে পহৰা দি আছিল ৰঞ্জিত দাসক । যিহেতু ৰঞ্জিত দাস আৰক্ষীৰ অভিযুক্ত, গতিকে তেওঁৰ নিৰাপত্তা ব্যৱস্থা আৰক্ষীৰ ওপৰত নিৰ্ভৰ কৰে । ইয়াত চিকিৎসা মহাবিদ্যালয়ৰ কৰিব লগা একো নাথাকে বুলি মন্তব্য কৰে ডিব্ৰুগড়ৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে ৷

লগতে পঢ়ক:অসম চিকিৎসা মহাবিদ্যালয়ত পত্নীক হত্যা কৰি স্বামীৰ আত্মহত্যা

ABOUT THE AUTHOR

...view details