অসম

assam

ETV Bharat / state

Karam Puja as govt holiday : কৰম পূজাৰ চৰ্তবিহীন বন্ধ আৰু মজুৰি বৃদ্ধিৰ ঘোষণাক লৈ উৎফুল্লিত চাহ শ্ৰমিক - চাহ শ্ৰমিক

ডিব্ৰুগড়ৰ প্ৰতিখন চাহ বাগিচাত উৎসৱমুখৰ পৰিৱেশ ৷ মজুৰি বৃদ্ধি আৰু কৰম পূজাত চৰ্তবিহীন চৰকাৰী বন্ধ ঘোষণাত উৎফুল্লিত চাহ শ্ৰমিক ৷

Daily Wages of Tea Garden workers
উৎফুল্লিত চাহ শ্ৰমিক

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 9:18 PM IST

ডিব্ৰুগড়ৰ প্ৰতিখন চাহ বাগিচাত উৎসৱমুখৰ পৰিৱেশ

ডিব্ৰুগড়, 24 ছেপ্টেম্বৰ : মজুৰি বৃদ্ধি কৰাৰ বাবে দীৰ্ঘদিনৰ পৰা দাবী উত্থাপন কৰি আহিছিল চাহ শ্ৰমিক সকলে ৷ কিয়নো একেবাৰে কম মজুৰিত দৈনিক চাহ বাগিচাত কাম কৰি আহিছে চাহ শ্ৰমিক সকলে ৷ এই দাবীৰে চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদৰ পাছতেই চাহ শ্ৰমিকৰ দৈনিক মজুৰি ব্ৰহ্মপুত্ৰ উপত্যকাত 250 টকা আৰু বৰাক উপত্যকাত 228 টকালৈ বৃদ্ধি কৰে ৷ ইয়াৰ সমান্তৰালভাৱে চাহ শ্ৰমিক ৰাইজৰ ধাৰাবাহিক প্ৰতিবাদত সেও মানি কৰম পূজাত চৰ্তবিহীন চৰকাৰী বন্ধ ঘোষণা কৰে ৰাজ্য চৰকাৰে।

চাহ জনগোষ্ঠীৰ পবিত্ৰ উৎসৱ কৰম পৰৱত চৰকাৰী বন্ধৰ নামত পেইড হলিডে’ ঘোষণা কৰাক লৈ ৰাজ্যৰ বাগিচাই বাগিচাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল চাহ শ্ৰমিক আৰু চাহ জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠনে ৷ আনকি ২৫ ছেপ্টেম্বৰত বাগিচাই বাগিচাই মুখ্যমন্ত্ৰী আৰু শ্ৰম মন্ত্ৰীৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছিল আটছাই ৷

কিন্তু চাহ শ্ৰমিক আৰু অসম চাহ জনজাতি ছাত্র সন্থাৰ ধাৰাবাহিক প্ৰতিবাদৰ অন্তত অৱশেষত কৰম পূজাত চৰ্তবিহীন চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ বাধ্য হ'ল ৰাজ্য চৰকাৰ ৷ ৰাজ্য চৰকাৰৰ এই দুটাকৈ গুৰুত্বপূৰ্ণ ঘোষণাৰ পাছতেই ডিব্ৰুগড়ৰ প্ৰতিখন চাহ বাগিচাত উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে ৷ মাদলৰ তালে তালে ঝুমুৰ নৃত্য কৰি আপোন পাহৰা হৈ পৰিছে হাজাৰ হাজাৰ চাহ শ্ৰমিক ৷ শ্ৰমিক সকলক লৈ চৰকাৰে কৰা এই ঘোষণাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে চাহ শ্ৰমিক আৰু জনগোষ্ঠীয় নেতা সকলে ৷

দেওবাৰে বৰবৰুৱাৰ চাহ বাগিচাত আনন্দমুখৰ পৰিবেশ বিৰাজ কৰা পৰিলক্ষিত হ’ল ৷ বাগিচাখনত শ্ৰমিক সকলে কৰম পৰৱ অনুষ্ঠিত কৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম চাহ জনজাতি ছাত্ৰ সন্থা, চাহ মজদুৰ সংঘৰ লগতে অসম চাহ জনজাতীয় মহাসভাৰ বিষয়ববীয়া সকলে মুখ্যমন্ত্ৰী আৰু ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক :Amrit Kalash Yatra : উৎসৱমুখৰ পৰিৱেশেৰে জোনাইত আৰম্ভ অমৃত কলহ যাত্ৰা

ABOUT THE AUTHOR

...view details