ডিব্ৰুগড়, 5 মাৰ্চ :অসমৰ জীয়ৰী-বোৱাৰীয়ে তাঁতশালতে সপোন ৰচে বুলি এষাৰ কথা আছে ৷ অৱশ্যে পৰিৱৰ্তিত সময়ৰ লগে লগে এইক্ষেত্ৰত যথেষ্ঠ পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ বহিঃৰাজ্যৰ পৰা অহা বয়ন সামগ্ৰীয়ে বজাৰ দখল কৰাত প্ৰত্যাহ্বানৰ মুখামুখি হৈছে ৰাজ্যৰ শিপিনীসকল ৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ উদ্যোগতৰাজ্যত নিষিদ্ধ হ’ল বহিঃৰাজ্যৰ পাৱাৰলুমৰ গামোচা (Powerloom gamochas ban in Assam) ।
এতিয়াৰে পৰা বহিঃৰাজ্যৰ পৰা অহা মেচিনত তৈয়াৰী গামোচা, মেখেলা-চাদৰ আদি অসমত বিক্ৰী কৰিব নোৱাৰিব কোনো পাইকাৰী অথবা খুচুৰা ব্যৱসায়ীয়ে (Assamese Weaver fight Handloom vs Powerloom) । ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ পিচতে উৎফুল্লিত হৈ পৰা দেখিবলৈ পোৱা গৈছে থলুৱা শিপিনীসকলক । উল্লেখ্য যে, পাৱাৰলুমৰ বস্ত্ৰ নিষিদ্ধ হোৱাৰ লগে-লগে তাঁতশালত বোৱা অসমীয়াৰ স্বাভিমান গামোচা, মেখেলা চাদৰৰ লগতে বিভিন্ন বয়ন বস্ত্ৰৰ গুৰুত্ব বাঢ়িব বুলি আশা প্ৰকাশ কৰিছে ৰাজ্যৰ শিপিনীসকলে ।
অসমীয়াৰ আদৰৰ ৰঙালী বিহুলৈ মাজত কিছুদিন থকাৰ সময়তে এই খবৰ লাভ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিপিনীসকলৰ লগতে এতিয়া দুগুণ উদ্যমেৰে তাঁতশালত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে টিংখাঙৰ একাংশ শিপিনীক । টিংখাঙৰ শ’লগুৰি টিপমীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত আজিজবাগ চিলিং গ্ৰান্ট গাঁৱৰ শিপিনীসকল ব্যস্ত হৈ পৰিছে ফুলাম গামোচা, মেখেলা-চাদৰ, টঙালি, চেলেং চাদৰ, ৰুমাল আদি তৈয়াৰ কৰাত । গাঁওখনৰ 'পঞ্চজ্যোতি' আত্মসহায়ক গোটৰ অধীনত 15 গৰাকী মহিলা এতিয়া সাজু হৈছে ৰঙালী বিহুৰ বজাৰ দখলৰ বাবে (Assam govt ban on powerloom textiles) ।