অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত জব্দ বৃহৎ পৰিমাণৰ পলিথিনৰ কেৰিবেগ - নিসিদ্ধ পলিথিন

ডিব্ৰুগড়ৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ গুদামৰ পৰা আৰক্ষীয়ে জব্দ কৰে ২০ বস্তা পলিথিনৰ কেৰিবেগ।

নিসিদ্ধকৰণৰ পিচতো ডিব্ৰুগড়ত জব্দ নিসিদ্ধ পলিথিন

By

Published : Mar 14, 2019, 3:45 AM IST


১৩ মাৰ্চ, ডিব্ৰুগড়ঃ ডিব্ৰুগড়ত জিলা প্ৰশাসনে পলিথিনৰ বেগ নিষিদ্ধ ঘোষণা কৰি ইয়াৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ সময়তে ডিব্ৰুগড়তআৰক্ষীয়ে ২০ বস্তা পলিথিনজব্দ কৰে। কেইবাটাও সংগঠনৰ সহযোগত আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ পলিথিন জব্দ কৰে।

নিসিদ্ধকৰণৰ পিচতো ডিব্ৰুগড়ত জব্দ নিসিদ্ধ পলিথিন

জানিব পৰা মতে ডিব্ৰুগড়ৰ "ফিজা ষ্টোৰ"নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীয়ে নিউ নৰ্থ ৰ্ষ্টান ট্ৰেন্সপৰ্টৰ জৰিয়তে গুৱাহাটীৰ পৰা পলিথিনখিনি আনি গুদামত মজুত কৰি ৰাখিছিল।

উল্লেখ্য যে বিগত বছৰতে ডিব্ৰুগড় পৌৰসভা আৰু জিলা প্ৰশাসনে ডিব্ৰুগড়ত পলিথিন বা প্লাষ্টিকৰ বেগ নিষিদ্ধ কৰিছিল।

ABOUT THE AUTHOR

...view details