ডিব্ৰুগড়, 20 জুন : উজনি অসমৰ অন্যতম গুৰুত্বপূৰ্ণ জিলা ডিব্ৰুগড়ৰ তৈল নগৰী খ্যাত দুলীয়াজানত দেওবাৰে এখন সংবাদ মেল সংম্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এই সংবাদমেলতে ৰাজ্যৰ কেতবোৰ জলন্ত সমস্যাৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ সেই সমূহৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ ঘোষণা হ’ল আছাম গেছ কোম্পানীৰ গেছ ভাণ্ডাৰ ৪ শতাংশ বৃদ্ধি কৰা । সম্প্ৰতি ৩০০ কোটি টকাৰ ব্যৱসায় বৃদ্ধি কৰিছে আছাম গেছ কোম্পানীয়ে লগতে যাতে কোম্পানীটোৱে ব্যৱসায় ১০০০ কোটিলৈ বৃদ্ধি কৰিব পাৰে তাৰ আশা ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
একেদৰে অইলৰ পৰা ৮০০ কোটি টকা পাবলৈ আছে ৰাজ্য চৰকাৰে বুলি সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । তাৰ লগতে গুৱাহাটীবাসী ৰাইজে পাইপ গেছ পাবনে নাই তাৰ চিন্তা-চৰ্চা কৰি থকা হৈছে বুলি সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। ইয়াৰ উপৰিও ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ সৰ্ন্দভতো মুখ্যমন্ত্ৰী গৰাকীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা যায় ৷
সেই অনুসৰি অসম চিকিৎসা মহাবিদ্যালয়ত ব্লেক ফাংগাছ ৰোগত আক্ৰান্ত ৰোগী ধৰা পৰাৰ কথা উল্লেখ কৰি কয় যে, মধুমেহ ৰোগত আক্ৰান্তসকলৰ ক্ষেত্ৰত এই ৰোগে যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে ৷ সকলোকে সাবধানে সজাগ আৰু সচেতন হৈ থাকিবলৈও আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ লগতে দ্বিতীয় পালি ক’ভিড ভেকচিন গ্ৰহণ কৰা সকলো কৰ্মচাৰীকে কাৰ্যালয়ত উপস্থিত থকাৰ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।