অসম

assam

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 5:27 PM IST

Updated : Sep 5, 2023, 7:56 PM IST

ETV Bharat / state

Bagane Bagane Congress: সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ সমষ্টিক অপসংস্কৃতিয়ে গ্ৰাস কৰিছে; ভূপেন বৰা

টিংখাঙত "বাগানে বাগানে কংগ্ৰেছ" কাৰ্যসূচীৰ মাজত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ টিংখাং সমষ্টিৰ বিধায়ক তথা সাংস্কৃতিক মন্ত্ৰী বিমল বড়াক তীব্ৰ সমালোচনা বৰাৰ । সাংস্কৃতিক মন্ত্ৰীৰ সমষ্টিৰ পৰাই এটা অশুভ পৰম্পৰা আৰম্ভ হৈছে বুলি কটাক্ষ বৰাৰ ।

Bagane Bagane Congress
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

ডিব্ৰুগড়, ৫ ছেপ্টেম্বৰ: কংগ্ৰেছৰ বাগিচাই বাগিচাই কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি শাসক দলৰ সকলো নেতা-মন্ত্ৰীয়ে তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে । সমালোচনাৰ মাজতেই সোমবাৰে টিংখাঙত অনুষ্ঠিত হোৱা বাগিচাই বাগিচাই কংগ্ৰেছ কাৰ্যসূচীত বিজেপিৰ একাংশ সমৰ্থকে বাধা প্ৰদান কৰাক লৈ এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে ।

সভাত জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰে ভাষণ দি থকা অৱস্থাতে বিজেপিৰ একাংশ সমৰ্থকে কংগ্ৰেছৰ দিনত কিমান উন্নয়ন হৈছিল বুলি প্ৰশ্ন কৰে । হঠাৎ এনেদৰে প্ৰশ্নৰ সন্মুখীন হৈ বিব্ৰত হৈ পৰে মঞ্চত উপস্থিত কংগ্ৰেছ নেতাসকল । ইয়াৰ লগতে বিজেপিৰ একাংশ সমৰ্থকে কংগ্ৰেছৰ সভাৰ মাজত মঞ্চৰ সন্মুখতে বিজেপি জিন্দাবাদ ধ্বনি প্ৰদান কৰে ।

ইয়াৰ পাচতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰকে ধৰি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত হতাহতিৰ সৃষ্টি হয় । সমগ্ৰ ঘটনাক লৈ মঙলবাৰে মৰাণত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই টিংখাং সমষ্টিৰ বিধায়ক তথা সাংস্কৃতিক মন্ত্ৰী বিমল বড়াক তীব্ৰ সমালোচনা কৰিলে ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা কয়, সাংস্কৃতিক মন্ত্ৰীগৰাকীৰ সমষ্টি এনেকুৱা এটা পৰিৱেশ আশা কৰা নাছিলো । সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ সমষ্টিতে অপসংস্কৃতিয়ে গ্ৰাস কৰিছে । সাংস্কৃতিক মন্ত্ৰীৰ সমষ্টিৰ পৰাই এটা অশুভ পৰম্পৰা আৰম্ভ হৈছে । সাংস্কৃতিক মন্ত্ৰীয়ে নতুন সংস্কৃতি আৰম্ভ কৰিছে । লগতে সভাপতিগৰাকীয়ে কয়, বিজেপি কৰ্মীসকলে এনে পৰিৱেশ সৃষ্টি কৰি কংগ্ৰেছৰ বাগিচাই বাগিচাই কংগ্ৰেছ কাৰ্যসূচীক অধিক প্ৰচাৰ কৰাতহে সহায় কৰিলে । এতিয়া অসমৰ ৰাইজে গম পাইছে কংগ্ৰেছে বাগিচাই বাগিচাই গৈ কি কৰি আছে ।

লগতে পঢ়ক:Congress Meeting at Tingkhong : টিংখাঙত কংগ্ৰেছৰ বাগানে বাগানে কংগ্ৰেছ কাৰ্যসূচীত অপ্ৰীতিকৰ পৰিস্থিতি

Last Updated : Sep 5, 2023, 7:56 PM IST

ABOUT THE AUTHOR

...view details