অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত অ'ট চলালে মুখ্যমন্ত্ৰী সোণোৱালে - AGC

ডিব্ৰুগড়ৰ চৌকিডিঙিত মুকলি ৰাজ্যৰ প্ৰথমটো 'Compress Natural Gas' চমুকৈ চিএনজি ষ্টেচন মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । অনুষ্ঠানত অ'ট চালকৰ ৰূপত দেখা গ'ল মুখ্যমন্ত্ৰী সোণোৱালক ৷

অট'চালকৰ ৰূপত মুখ্যমন্ত্ৰী সোণোৱাল

By

Published : Aug 17, 2019, 7:54 PM IST

ডিব্ৰুগড়, 17 আগষ্টঃ অ'ট চালকৰ ৰূপত ৰাইজে প্ৰত্যক্ষ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক । আনহাতে যাত্ৰীৰ ৰূপত অৱৰ্তীণ হ'ল পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী , বিধায়ক প্ৰশান্ত ফুকন , ঋতুপৰ্ণ বৰুৱা আৰু বলিন চেতিয়া । ডিব্ৰুগড়ৰ চৌকিডিঙিত মুকলি ৰাজ্যৰ প্ৰথমটো Compresd Natural Gas চমুকৈ চিএনজি ষ্টেচন । অসম গেছ কোম্পানীয়ে নিৰ্মাণ কৰা ৰাজ্যৰ এই প্ৰথমটো চিএনজি ষ্টেচন মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । অনুষ্ঠানত উপস্থিত থাকে পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে অসম গেছ কোম্পানীৰ অধ্যক্ষ তথা শদিয়াৰ বিধায়ক বলিন চেতিয়াকে ধৰি বহু কেইজন বিধায়ক তথা অসম গেছ কোম্পানীৰ বহু কেইজন বিষয়ববীয়া ৷

অট'চালকৰ ৰূপত মুখ্যমন্ত্ৰী সোণোৱাল

ABOUT THE AUTHOR

...view details