ডিব্ৰুগড়, ১৩ আগষ্ট:চলিত বৰ্ষৰ এছিয়ান য়ুথ আৰু জুনিয়ৰ ভাৰত্তোলন চেম্পিয়নশ্বিপত দুটা সোণ আৰু এটা ৰূপৰ পদক অৰ্জনেৰে ভাৰতলৈ সুনাম কঢ়িয়াই আনিছে ডিব্ৰুগড়ৰ অসমী সংঘত ভাৰত্তোলনৰ চৰ্চা কৰা নিয়মীয়া খেলুৱৈ বেদব্ৰত ভৰালীয়ে ৷ এই প্ৰতিযোগিতাখনত পদক লাভেৰে দেশৰ লগতে অসমৰ ডিব্ৰুগড় জিলালৈ গৌৰৱ কঢ়িয়াই অনা মধুপুৰ দেউৰী গাঁৱৰ প্ৰতিভাৱান খেলুৱৈ বেদব্ৰত ভৰালীয়ে পদকপ্ৰাপ্তিৰ পিচত গৃহচহৰ ডিব্ৰুগড়ত উপস্থিত হয় ।
তেওঁ জিলাখনত উপস্থিত হোৱাৰ লগে লগে অসমী সংঘৰ কৰ্মকৰ্তা, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা আদিকে ধৰি অজস্ৰ ক্ৰীড়ানুৰাগীয়ে মোহনবাৰী বিমান কোঠৰ পৰা সমদলেৰে খেলুৱৈ গৰাকীক অসমী সংঘ প্ৰাংগণলৈ আদৰি আনে ৷ ইয়াৰ পিছতে অসমী সংঘৰ প্ৰাংগণত সংঘৰ সভাপতি পদ্মেশ্বৰ মহনৰ সভাপতিত্বত অনুষ্ঠিত হয় এক সম্বৰ্দ্ধনা সভা ৷
ফুলাম গামোচা, শৰাই, সম্বৰ্দ্ধনা পত্ৰ আৰু অসমী সংঘৰ ম’মেণ্টেৰে জনোৱা সম্বৰ্ধনা অনুষ্ঠানটোত জিলা ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায়, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি ডাঃ দেৱজিৎ দত্ত, মিলনজ্যোতি সংঘৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সমাজকৰ্মী অমিয় হাজৰিকা, অসমী সংঘৰ উপ-সভাপতি মূল্যধৰ বৰুৱা, ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।