অসম

assam

ETV Bharat / state

বাঁহীৰ সুৰৰ দৰে সুৰীয়া নহ'ল অশ্বিনী শইকীয়াৰ জীৱন যাত্ৰা - লক্ ডাউন

সংগীত জগতৰ প্ৰায় সংখ্যক প্ৰসিদ্ধ শিল্পীৰেই চিনাকি অশ্বিনী শইকীয়া ৷ বহু যুগমীয়া অসমীয়া গীতত শুনা পোৱা যায় তেখেতৰ বাঁহীৰ সুমধুৰ ধ্বনি ৷ 1979 চনৰ পৰা বৰ্তমানলৈকে প্ৰায় বিশ সহস্ৰাধিক গীতত বাঁহী সংগত কৰিছে এইগৰাকী শিল্পীয়ে ৷ কিন্তু বৰ্তমান অশ্বিনী শইকীয়া সংকটত ৷ সহায় বিচাৰি হাহাকাৰ কৰিব লগীয়া হৈছে বিশেষভাৱে সক্ষম শিল্পীগৰাকীয়ে ৷

a flute player facing problem in livelihood
a flute player facing problem in livelihood

By

Published : Aug 1, 2020, 2:18 PM IST

ডিব্ৰুগড়, 1 আগষ্ট : বাঁহীৰ সুৰেৰে শত সহস্ৰ সংগীত প্ৰেমীক মুগ্ধ কৰা এগৰাকী চহা শিল্পী ৷ বহু যুগমীয়া অসমীয়া গীতত শুনা পোৱা যায় তেখেতৰ বাঁহীৰ সুমধুৰ ধ্বনি ৷ 1979 চনৰ পৰা বৰ্তমানলৈকে প্ৰায় বিশ সহস্ৰাধিক গীতত বাঁহী সংগত কৰা এই শিল্পী গৰাকীৰ নাম অশ্বিনী শইকীয়া ৷ ঘৰ ডিব্ৰুগড় জিলাৰ উপকণ্ঠৰ চান্দৈপথাৰৰ বেবেজীয়া গাঁৱত ৷

সংগীত জগতৰ প্ৰায় সংখ্যক প্ৰসিদ্ধ শিল্পীৰেই চিনাকি অশ্বিনী শইকীয়াৰ জীৱন কিন্তু বৰ সুখদায়ক নহয় ৷ জন্মৰ ছয় বছৰ পাচতেই দৃষ্টি শক্তি হেৰুৱাই পেলায় অশ্বিনী শইকীয়াই ৷ কিন্তু তৎসত্বেও স্থবিৰ হৈ ৰোৱা নাছিল তেওঁৰ জীৱন পৰিক্ৰমা ৷ মাত্ৰ নবছৰ বয়সতে আনুষ্ঠানিক শিক্ষা সাং কৰিব লগা হৈছিল শাৰীৰিক প্ৰতিবন্ধকতাৰ বাবে ৷ কিন্তু মনৰ অদম্য ইচ্ছা শক্তি তেওঁৰ সংগী হৈছিল জীৱন বাটত ৷ 1979 চনত চাউলখোৱা সংগীত বিদ্যালয়ত কণ্ঠ সংগীতৰ শিক্ষা গ্ৰহণ কৰে শিল্পীগৰাকীয়ে ৷ তাৰ সমান্তৰালকৈ অশ্বিনী শইকীয়াই ডিব্ৰুগড়ৰ প্ৰখ্যাত বাঁহী বাদক উপেন ফাংচুৰ পৰা গ্ৰহণ কৰিছিল বাঁহী বাদনৰ শিক্ষা ৷

বাঁহীৰ লগতে দোতাৰা, হাৰমনিয়াম, পেঁপা, সুতুলি, গগণা আদিও বজাব জানে তেওঁ ৷ 1994 চনৰ পৰা ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰ আৰু দুৰদৰ্শন কেন্দ্ৰতো বাদ্যযন্ত্ৰী হিচাপে কৰ্মৰত আছিল তেখেত ৷ জেপি দাস, পুলক বেনাৰ্জী, জেবিন চুলতানা, ছৈয়দ ছাদুল্লা, ৰাজেন গোঁহাই আদি বহুকেইগৰাকী পথিতযশা শিল্পীৰ সৈতে বাঁহী সংগত কৰিছে অশ্বিনী শইকীয়াই ৷ ১৯৯০ চনৰ পৰা এতিয়ালৈকে প্ৰায় পাঁচশৰো অধিক শিষ্যক বাঁহী বাদনৰ শিক্ষা প্রদান কৰি নতুনৰ বাবে বাট মুকলি কৰিছে তেওঁ ৷ কিন্তু বৰ্তমান অশ্বিনী শইকীয়া সংকটত ৷ সহায় বিচাৰি হাহাকাৰ কৰিব লগীয়া হৈছে শিল্পীগৰাকীয়ে ৷

বাঁহীৰ সুৰৰ দৰে সুৰীয়া নহ'ল অশ্বিনী শইকীয়াৰ জীৱন যাত্ৰা

অসম সাংস্কৃতিক সমাজে ২০১৭ চনত জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা অশ্বিনী শইকীয়াৰ জীৱন যাত্ৰাক তচ-নচ কৰিছে ক’ভিড নামৰ ধুমুহাজাকে ৷ ক’ভিড আহিল, ঘোষণা কৰা হ’ল লক্ ডাউন ৷ লক্ ডাউনত পৰি আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে শিল্পীগৰাকী ৷ পত্নী-পুত্ৰৰ মুখত এমুঠি ভাত, গাত এডোখৰ কাপোৰ দিবলৈকে শাৰীৰিক প্ৰতিবন্ধকতাকো আওকাণ কৰা শিল্পী গৰাকীৰ এতিয়া চলিবলৈ উপায় নোহোৱা অৱস্থা ৷

আজিলৈকে চৰকাৰৰ পৰা শিল্পী পেঞ্চনকে ধৰি কোনো এটা সুবিধা লাভ নকৰিলে বিশেষভাৱে সক্ষম এইগৰাকী দৰদী বাঁহীবাদকে ৷ লক্ ডাউনৰ সময়ত তেখেতৰ খবৰ ল’বলৈও আহৰি পোৱা নাই কোনো এজনে ৷ এগৰাকী স্বীকৃতিপ্ৰাপ্ত শিল্পী এইদৰে চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হ'ব লগীয়া হোৱাতো অতিশয় পৰিতাপৰ কথা ৷ অশ্বিনী শইকীয়াৰ মৰ্ম-বেদনা কোনোবা দিনা উপলব্ধি কৰিব পাৰিব নে সাংস্কৃতি সঞ্চালকালয় অথবা ৰজাঘৰীয়া বিষয়াই ৷

লগতে পঢ়ক :তেজপুৰত অচিৰেই নিৰ্মাণ কৰা হ'ব সংস্কৃতিক সংগ্ৰালায়ঃ মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details