ডিব্ৰুগড়, ১৪ জুন: সোমবাৰে ডিব্ৰুগড়(Dibrugarh)ৰ লেকাইত উন্নত প্রযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা "চলিড ওৱেষ্ট মেনেজমেণ্ট প্ৰকল্প"(Solid Waste management plant) পৰিদৰ্শন কৰে জলসিঞ্চন, নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালে(Ashok Singhal) । ইয়াৰ পাছত মন্ত্রীগৰাকীয়ে ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত অংশগ্ৰহণ কৰে ।
উক্ত বৈঠকত ডিব্ৰুগড়, চাৰুৱা, নাহৰকটীয়া আৰু নামৰূপ পৌৰসভাৰ কাৰ্যবাহী বিষয়াসকলৰ লগতে উক্ত পৌৰসভাকেইখনৰ কৰ্মচাৰীসকল উপস্থিত থাকে । উক্ত পৌৰসভা এলেকাসমূহত ৰূপায়ণ হৈ থকা স্বচ্ছ ভাৰত অভিযান, প্রধানমন্ত্রী আবাস যোজনা(নগৰ), অমৰূট আদি আঁচনি সম্পৰ্কে বৈঠকত পৰ্যালোচনা কৰা হয় ।