অসম

assam

By

Published : Mar 18, 2021, 3:09 PM IST

ETV Bharat / state

চৰাইদেউত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা

চৰাইদেউৰ সাপেখাতীৰ পৰা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ সুৰা ৷ এখন বলেৰ’ পিক আপ বাহনৰ পৰা জব্দ কৰা হয় ৯০ কাৰ্টন অৰুণাচলী সুৰা ৷

চৰাইদেউত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা
চৰাইদেউত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা

মৰাণ,18 মাৰ্চ: নিৰ্বাচনী দিন যিমানেই চমু চাপি আহিছে ৰাজ্যত সিমানেই উদ্ধাৰ হ'বলৈ লৈছে নগদ ধন আৰু সুৰা ৷ বুধবাৰে নিশা চৰাইদেউৰ সাপেখাতীত এখন বলেৰ’ পিক আপ বাহনৰ পৰা জব্দ কৰা হয় ৯০ কাৰ্টন অৰুণাচলী সুৰা ৷ সাপেখাতী আৰক্ষীয়ে অভিযান চলায় As 04 BC 6179 নম্বৰৰ বাহনখনৰ পৰা জব্দ কৰে সুৰাখিনি ৷

প্ৰাপ্ত খবৰ অনুসৰি, অৰুণাচলৰ পৰা সাপেখাতীৰ দিশে আহি থকাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে বাহনখন ৷ কিন্তু আৰক্ষীক দেখি গৰাকীয়ে বাহনখন এৰি পলায়ন কৰে ৷ বৰ্তমান এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

অন্য এক খবৰৰ বাবে:তুংগত উঠিছে ৰাইজৰ দলৰ প্ৰাৰ্থী নজৰুল ইছলামৰ নিৰ্বাচনী প্ৰচাৰ

ABOUT THE AUTHOR

...view details