শুভ্ৰ আচলে আৱৰি ধৰিছে পাচিঘাটৰ চিৰিকি জলপ্ৰপাত - নিগৰিত হৈছে প্ৰকৃতিৰ সৌন্দৰ্য
ধেমাজিৰ জোনাই চহৰৰ পৰা মাত্ৰ কেইমাইল মান আঁতৰত অৱস্থিত অৰুণাচল প্ৰদেশৰ পাচিঘাটৰ চিৰিকি জলপ্ৰপাতৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ ভিৰ কৰিছেহি অগণন প্ৰকৃতিপ্ৰেমীয়ে ৷

শুভ্ৰ আচলে আৱৰি ধৰিছে পাচিঘাটৰ চিৰিকি জলপ্ৰপাত
ডিব্ৰুগড়,14আগষ্ট : এখন শুভ্ৰ আচলে আৱৰি ধৰিছে অৰুণাচল প্ৰদেশৰ পাচিঘাটৰ চিৰিকি জলপ্ৰপাতক ৷ কুলু-কুলু শব্দত নিগৰিত হৈছে প্ৰকৃতিৰ সৌন্দৰ্য ৷ অৰুণাচল প্ৰদেশৰ পাচিঘাটত অৱস্থিত চিৰিকি জলপ্ৰপাত ৷ এই জলপ্ৰপাতত ভিৰ কৰিছেহি এতিয়া অগণন প্ৰকৃতিপ্ৰেমীয়ে ৷ মন জুৰ কৰিব পৰা অপৰিসীম দৃশ্য ৷ ধেমাজিৰ জোনাই চহৰৰ পৰা মাত্ৰ কেইমাইল মান আঁতৰত থকা অৰুণাচল প্ৰদেশৰ পাহাৰত অৱস্থিত এই জলপ্ৰপাতটো পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷
শুভ্ৰ আচলে আৱৰি ধৰিছে পাচিঘাটৰ চিৰিকি জলপ্ৰপাত