অসম

assam

ETV Bharat / state

অসমৰ প্ৰান্তে প্ৰান্তে শিল্পী সমাজৰ তীব্ৰ প্ৰতিবাদ

গুৱাহাটী,মৰাণত কেব বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিল শিল্পী সমাজ ৷ প্ৰতিবাদৰ মাজতে বৰষাৰাণী বিষয়াৰ বিশেষ ঘোষণা ৷ কেব বাতিল নহ'লে ফিল্ম ফেয়াৰৰ পৰা আৰম্ভ কৰি চৰকাৰৰ কোনো সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ নকৰে বৰষাৰাণী বিষয়াই ৷

By

Published : Dec 10, 2019, 10:16 PM IST

Artist are come out to protest against CAB
শিল্পী সমাজৰ তীব্ৰ প্ৰতিবাদ

মৰাণ,10 ডিচেম্বৰঃনাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত সমগ্ৰ অসমতে দল-সংগঠনৰ লগতে সাহিত্যক, শিক্ষাবিদ, শিল্পী সমাজে কেব বাতিলৰ দাবীত ৰূপায়ন কৰি আছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৷ ৰাজ্যজুৰি শিল্পীসকলৰ প্ৰতিবাদৰ মাজতে মঙলবাৰে মৰাণত জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ আৰু কুসুম কৈলাশৰ নেতৃত্বত কেবৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিল মৰাণ শিল্পী সমাজ ৷ বন্ধৰ মাজতে মৰাণৰ ৰাজপথত জাতীয় সংগঠনৰ লগতে বিভিন্ন অনুষ্ঠানে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছিল । ৰাইজৰ প্ৰতিবাদৰ সমান্তৰালভাৱে শিল্পী সমাজক নেতৃত্ব দি ৰাজপথলৈ ওলাই অহা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশে অসমীয়া ভাষাক অৱমাননা কৰা সকলৰ প্ৰতি কঠোৰ হ'বলৈ চৰকাৰক আহ্বান জনালে প্ৰতিবাদস্থলীৰ পৰা । প্ৰতিবাদস্থলীতে শিল্পী গৰাকীয়ে কয় -" অসমত অসমীয়াৰ ৰাজত্বই হ'ব লাগিব । মাতৃ ভাষা আৰু মাতৃভূমি মোৰ কাৰণে প্ৰধান । অসমীয়াৰ বিপদৰ সময়ত অসমবাসী একগোট হৈ থকাটো প্ৰয়োজন যাতে অপশক্তিয়ে ভাগ ভাগ কৰিব নোৱাৰে ।" প্ৰতিবাদত অংশ লৈ আন এগৰাকী অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশে কয় " কেব বিৰোধিতা আগৰ পৰাই কৰি আহিছো আৰু ভৱিষ্যতেও কৰি যাম । অসমীয়া জাতি নিঃশেষ কৰিব পৰা কোনো সিদ্ধান্ত মানি লোৱা নহ'ব । অসমীয়াক কেতিয়াও কিনিব নোৱাৰিব ।" লগতে অসমৰ সকলো দল সংগঠনক একগোট হৈ এই জাতি ধংসকাৰী বিধেয়কৰ বিৰুদ্ধে মাত মাতি যাবলৈ শিল্পী গৰাকীয়ে আহ্বান জনায় । মৰাণৰ সকলো শিল্পী কলা-কুশলীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত মৰাণ মহাবিদ্যালয় আৰু মৰাণ মহিলা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায় । মুঠৰ ওপৰত বন্ধৰ মাজতে কেব বিৰোধী প্ৰতিবাদত উত্তাল হৈ পৰিল মৰাণ চহৰ ।

মৰাণত তীব্ৰ প্ৰতিবাদ

গুৱাহাটী,10 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি শিল্পী সমাজে উলিয়ালে প্ৰতিবাদী সমদল । শ্বহীদ ন্যাসৰ সন্মুখতে শিল্পী সমাজৰ প্ৰতিজ্ঞা কেব বাতিল নকৰা পৰ্যন্ত চৰকাৰী কোনো অনুষ্ঠানত অংশগ্ৰহণ নকৰে শিল্পী সমাজে। শিল্পী সমাজৰ নেতৃত্বত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গঢ়ি উঠিছে তীব্ৰ প্ৰতিবাদ । মঙলবাৰে বৰষা ৰাণী বিষয়াই সাংবাদিকৰ সমুখত অৱগত কৰে যে, কেব বাতিল নোহোৱা পৰ্যন্ত শিল্পী সমাজে চৰকাৰী কোনো কাৰ্যসূচীত অংশগ্ৰহণ নকৰে । লগতে অনুষ্ঠিত হ'ব লগা ফিল্ম ফেয়াৰ অনুষ্ঠানতো উপস্থিত নাথাকে বুলি জনালে বৰষা ৰাণী বিষয়াই ৷

গুৱাহাটীত তীব্ৰ প্ৰতিবাদ

লগতে পঢ়কঃকেবৰ বিৰোধিতাঃ চৰকাৰে প্ৰদান কৰা ৰাষ্ট্ৰীয় বঁটা প্ৰত্যাহাৰ পৰিচালক জাহ্নু বৰুৱাৰ

ABOUT THE AUTHOR

...view details