ডিব্ৰুগড়, 23 জুন : কৃত্ৰিম বানে জীয়াতু ভোগাইছে নাহৰকটীয়াৰ ৰূপনগৰবাসীক । বিগত এটা পষেক ধৰি অহা নেৰানেপেৰা বৰষুণৰ ফলত একাঁঠুতকৈ অধিক পানীত ডুব গৈছে নাহৰকটীয়া পৌৰসভাৰ পৌৰপতি পম্পী সাহাৰ নিজা বাসগৃহস্থিত ৱাৰ্ডটোৰে এটি অঞ্চল । কৃত্ৰিম বানপানী সমস্যাৰ সমাধান বিচাৰি স্থানীয় লোকসকলে 2022 চনৰ 25 মে' ৰ দিনা এখন লিখিত আৱেদন পৌৰপতিগৰাকীক প্ৰদান কৰিছিল যদিও এবছৰ বাগৰি যোৱাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে পৌৰপতি তথা পৌৰসভাৰ বিৰুদ্ধে । কেৱল সিমানেই নহয় প্ৰায় ডেৰ শতাধিক লোক বসবাস কৰা এই সৰু অঞ্চলটোত নলাৰ কোনো সুব্যৱস্থা নাই বুলিও স্থানীয় ৰাইজে পৌৰসভাৰ বিৰুদ্ধে আনিছে গুৰুতৰ অভিযোগ ।
ইয়াৰোপৰি, ৱাৰ্ডটোত থকা নলাকেইটাও সময়মতে চাফ চিকুণ নকৰাৰ ফলতে কৃত্ৰিম বানপানীৰ সমস্যাই দেখা দিছে বুলি স্থানীয় লোকে অভিযোগ তুলিছে । উল্লেখ্য যে, স্থানীয় লোকসকলে কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ বাবে লিখিত আবেদনৰ লগতে মৌখিকভাৱেও পৌৰপতিগৰাকীক সমস্যাটো সন্দৰ্ভত জনাইছে যদিও আজিকোপতি পৌৰপতিগৰাকীয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলিছে ৱাৰ্ডবাসীয়ে । উল্লেখনীয় যে, এই পথেদিয়েই ৰূপনগৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ যাবলগীয়া হোৱাৰ লগতে বিভিন্নজনে নিজ নিজ কৰ্মস্থলীলৈ যায় যদিও শেহতীয়াকৈ পানীত বুৰ গৈ থকাৰ বাবে এতিয়া বিদ্যালয়লৈ যোৱাৰ পৰাও বঞ্চিত হৈছে উক্ত অঞ্চলৰ শিক্ষাৰ্থীসকল ।