মৰাণ,9 মাৰ্চঃ নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত নাহৰকটীয়া আৰক্ষীৰ বৃহৎ সফলতা লাভ ৷ সোমবাৰে নাহৰকটীয়াৰ বালিমৰাত বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে নাহৰকটীয়া আৰক্ষী ৷
নাহৰকটীয়াত উদ্ধাৰ বিস্ফোৰক সামগ্ৰী - অসম ৰাইফল
সোমবাৰে নাহৰকটীয়াৰ বালিমৰাত বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে নাহৰকটীয়া আৰক্ষী ৷ সাপেখাতিৰ অসম ৰাইফলছ ১২ আৰু নাহৰকটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ শইকীয়াৰ নেতৃত্বত চলোৱা যুটীয়া অভিযানত বালিমৰাৰ বিকাশ তাঁতীৰ বাসগৃহৰ পৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হয় ।
সাপেখাতিৰ অসম ৰাইফলছ ১২ আৰু নাহৰকটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ শইকীয়াৰ নেতৃত্বত চলোৱা এক যুটীয়া অভিযানত বালিমৰাৰ বিকাশ তাঁতীৰ বাসগৃহৰ পৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হয় । নাহৰকটীয়া আৰক্ষীয়ে বিকাশ তাঁতীৰ লগতে এই ঘটনাৰ লগত জড়িত জয়পুৰ টিপামৰ প্ৰণৱ গগৈক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে । এই ঘটনাৰ লগত আৰু বহু লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । আৰক্ষীয়ে ইতিমধ্যে ৩৬/২১ নম্বৰৰ এক গোচৰ ৰুজু কৰি জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়কঃএতোৱা মুণ্ডা বনাম বিমল বৰা