অসম

assam

ETV Bharat / state

বিদ্যুৎ বিভাগৰ বিৰুদ্ধে সৰৱ লাহোৱালৰ নাহৰসাঁকোৰ ৰাইজ - গ্ৰাহকক চৰম হাৰাশাস্তি কৰিছে বিভাগৰ বিষয়া সকলে

ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ নাহৰসাঁকো গাঁৱত এতিয়া উত্তেজনাময় পৰিৱেশ । বিদ্যুৎ বিভাগৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰিছে ৰাইজ ৷ শক্তিমন্ত্ৰী আৰু চৰকাৰক সমালোচনা গাঁওবাসীৰ ।

Apdcl
বিদ্যুৎ বিভাগৰ বিৰুদ্ধে সৰৱ লাহোৱালৰ নাহৰসাঁকোৰ ৰাইজ

By

Published : Nov 3, 2021, 5:22 PM IST

মৰাণ,৩ নৱেম্বৰ :ৰাজ্যৰ শক্তি বিভাগে বিভাগটোলৈ পৰিৱৰ্তন অনা বিষয়ত ৰঙীন বিজ্ঞাপন দি থকাৰ সময়তে খোদ শক্তিমন্ত্ৰীৰ গৃহ জিলাত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড । ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দৰিদ্ৰ পৰিয়ালক বিনামূলীয়া বিদ্যুৎ যোগান ধৰাৰ কথা কৈ আহিছে যদিও শক্তিমন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিৰ নাহৰসাঁকো গাঁৱৰ ৰাইজে এতিয়া বিদ্যুৎ ব্যৱহাৰৰ নামত হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে । ৰাইজে জানিবলৈ দিয়া মতে বিদ্যুৎ বিভাগে বিদ্যুতৰ ব্যৱহাৰতকৈ অধিক মাত্ৰাত বিল দি ৰাইজক হাৰাশাস্তি কৰিছে ।

বিদ্যুৎ বিভাগৰ বিৰুদ্ধে সৰৱ লাহোৱালৰ নাহৰসাঁকোৰ ৰাইজ

লগতে বিভাগৰ বিষয়াক বিষয়টো সন্দৰ্ভত অৱগত কৰিলেও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ । ইয়াৰ উপৰিও ৰাইজৰ অভিযোগ অনুসৰি নিৰ্দিষ্ট ব্যক্তিৰ নামত অহা বিদ্যুৎ মিটাৰ তেওঁক নিদিয়াকৈ অন্য ব্যক্তিক বছৰৰ পাছত বছৰ ব্যৱহাৰ কৰিবলৈ দি গ্ৰাহকক চৰম হাৰাশাস্তি কৰিছে বিভাগৰ বিষয়া সকলে । বিদ্যুৎ যোগানৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পৰিৱৰ্তন হোৱাৰ কথা দাবী কৰা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এতিয়া ক্ষোভিত হৈ পৰিছে ৰাইজ ।

অতি শীঘ্ৰে গাঁওখনত বিদ্যুৎ যোগানৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা সমাধানৰ বাবে দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক :কাজিৰঙাৰ পানবাৰী (চি ডব্লিউ আৰ চি)ত নতুন আলহী

ABOUT THE AUTHOR

...view details