মৰাণ, 5 মে’:পুনৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মুখত বিজেপি চৰকাৰৰ ভোজ-ভাতৰ কথা ৷ প্ৰায়েই সংবাদ মাধ্যমত ৰাজ্য চৰকাৰৰ বিভিন্ন বিষয়কলৈ সমালোচনা আগবঢ়োৱা বৰাৰ বক্তব্যত স্থান পাই আহিছে চৰকাৰখনৰ ভোজন অভ্যাসৰ কথা (Bhupen Borah on BJP's foody attitude) ৷ বিশেষকৈ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে কিমান বিধ ব্যঞ্জনেৰে ভোজ-ভাত খায় সেই কথাৰে মূল্যবৃদ্ধিৰ লগতে আন-আন প্ৰসংগ সমূহ উত্থাপন কৰি আহিছে বৰাই ৷
বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে এটা বছৰ অতিক্ৰম কৰিবলৈ মাজত কেইটামান দিন বাকী থকাৰ আগ মূহুৰ্তত দলীয় মন্ত্ৰী-বিধায়ক সকলক লগত লৈ আলোচনাত মিলিত হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ কাজিৰঙাত বৃহস্পতিবাৰৰে পৰা অনুষ্ঠিত হৈছে এই বৈঠক । মুখ্যমন্ত্ৰীয়ে বিধায়ক সকলক লৈ কাজিৰঙাত অনুষ্ঠিত কৰা এই বৈঠকক এতিয়া পিকনিক আখ্যা দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Bhupen Borah terms government meeting as picnic) ।