অসম

assam

ETV Bharat / state

Karnataka Model in Assam: কৰ্ণাটক চৰকাৰৰ আৰ্হিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজ্য চলাবলৈ আহ্বান ভূপেন বৰাৰ

টিংখাঙৰ হালমাৰী চাহ বাগিচাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত আজি আৰম্ভ হয় বাগিচাই বাগিচাই কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচী । বাগিচাৰ শ্ৰমিকৰ লগত মত বিনিময় কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি মুখ্যমন্ত্ৰী শৰ্মাক কৰ্ণাটক চৰকাৰৰ আৰ্হিত ৰাজ্য চলাবলৈ আহ্বান জনায় । তেওঁ এতিয়া ৰাজ্যত বিজেপি নেতাসকল উজলিছে, কিন্তু গেছ নজ্বলা হৈছে বুলি চৰকাৰক লক্ষ্য কৰি লয় ৷

Bagane Bagane Congress
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 5:13 PM IST

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

ডিব্ৰুগড়, 4 ছেপ্টেম্বৰ:উজ্বলা আঁ‌চনি এতিয়া নজ্বলা হ'ল । বাগানৰ মানুহে এতিয়া খৰিত ভাত ৰান্ধি খাব লগা হৈছে। গেছৰ দাম বৃদ্ধিৰ ফলত মানুহে গেছ ভৰাব পৰা নাই । তপাপিও মুখ্যমন্ত্ৰীয়ে কয় বাগানৰ মানুহৰ উন্নয়ন হৈছে । ডিব্ৰুগড় জিলাৰ টিংখাঙৰ হালমাৰী চাহ বাগিচাত সোমবাৰে ‘বাগিচাই বাগিচাই কংগ্ৰেছ’ শীৰ্ষক কাৰ্যসূচীৰ সময়ত চৰকাৰক তীব্ৰ সমালোচনা কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই মন্তব্য কৰে ৷

বিদ্যুতৰ বিল দিব নোৱাৰা বাবেই শ্ৰমিকে ঘৰত বিদ্যুত ব্যৱহাৰ নকৰা হৈছে । সকলোৰে ঘৰে ঘৰে চিলিণ্ডাৰ আছে যদিও অত্যাধিক মূল্যবৃদ্ধিৰ বাবে গেছ নিকিনো বুলি কৈছে ৷ ইয়াৰ পাচতো মুখ্যমন্ত্ৰীয়ে কয়, বাগানৰ সমস্যা নাই, সকলো সমাধান হৈছে ৷ প্ৰকৃততে, বিজেপি নেতাসকল উজলিছে কিন্তু গেছ নজ্বলা হৈছে বুলি উল্লেখ কৰি বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৰ্ণাটক চৰকাৰৰ আৰ্হিত ৰাজ্য চলাবলৈ আহ্বান জনায় ।

তেওঁ কয়, কৰ্ণাটক চৰকাৰে ৰাইজক বিনামূলীয়া বিজুলিৰ পৰা সকলো সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছে । কৰ্ণাটকত মহিলাৰ কাৰণে বাছ ভাড়া বিনামূলীয়া কৰা হৈছে, মহিলাসকলক গৃহলক্ষ্মী বুলি কৈ 2000 টকাকৈ প্ৰদান কৰা হৈছে, স্নাতকসকলক মাহিলী নিবনুৱা ভাট্টা প্ৰদান কৰা হৈছে ৷ একেদৰে ৰাজস্থানত 500 টকাত 30 লাখ মানুহক চিলিণ্ডাৰ দিয়া হৈছে ৷ অসমতো কংগ্ৰেছ চৰকাৰ আহিলে কৰ্ণাটক চৰকাৰৰ দৰে ফ্ৰি বিজুলি সেৱা প্ৰদান কৰিব বুলিও কয় কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

উল্লেখ্য যে, উজনি অসমত বাহৰ পাতি হেৰুওৱা কংগ্ৰেছৰ ভেঁটি শক্তিশালী কৰিবলৈ বাগিচাই বাগিচাই কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰিছে প্ৰদেশ কংগ্ৰেছে । আজি টিংখাঙৰ হালমাৰী চাহ বাগিচাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত আৰম্ভ হয় বাগিচাই বাগিচাই কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচী । হালমাৰী চাহ বাগিচাত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু কংগ্ৰেছৰ নেতৃত্বই শ্ৰমিকসকলৰ সৈতে মত বিনিময় কৰি সমস্যা বুজ লয় । চৰকাৰে ৰূপায়ণ কৰা আঁচনিসমূহ শ্ৰমিকসকলে কেনেদৰে উপভোগ কৰিবলৈ সক্ষম তাৰ বুজ লয় কংগ্ৰেছৰ প্ৰতিনিধিৰ দলটো ।

লগতে পঢ়ক:Bhupen Kr Borah on Madhavdev Award : চৰকাৰে মাধৱদেৱ বঁটা প্ৰদান কৰিব নোৱাৰে যদি আমাক দায়িত্ব অৰ্পণ কৰক : ভূপেন বৰা

ABOUT THE AUTHOR

...view details