মৰাণ, 5 মে' :কংগ্ৰেছ দলক তৃণমূল পৰ্যায়ৰ পৰা শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই শদিয়াৰ পৰা আৰম্ভ কৰিছে বিশেষ যাত্ৰা (Bhupen Borah meets grassroot workers of Congress)। দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ সকলৰ সৈতে আলোচনাত মিলিত হৈ কংগ্ৰেছৰ দলৰ সাংগঠনিক ভেটি পুনৰ গঢ়ি তোলাৰ (strengthening congress party's organization) বাবে সভাপতি গৰাকীয়ে এই প্ৰচেষ্টা চলাইছে ।
এই উপলক্ষে বৃহস্পতিবাৰে চাবুৱাৰ জেৰাই গাঁৱত অৱস্থিত আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাৰ (ULFA I chief Paresh Baruah) বাসগৃহত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (Bhupen Borah in Paresh Baruah's residence at Jerai)। আলফাৰ সেনাধ্যক্ষ গৰাকীৰ পৰিয়ালৰ খবৰ লোৱাৰ লগতে কংগ্ৰেছৰ সভাপতি গৰাকীয়ে আলফা-চৰকাৰৰ আলোচনা সন্দৰ্ভতো আগবঢ়ালে মন্তব্য । বৰাই কয়, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে আলোচনা প্ৰক্ৰিয়া সঠিকভাৱে আগবঢ়াই নিয়ক (ULFA I government peace process) আৰু বিৰোধী দল হিচাপে তেওঁলোকেও এই ক্ষেত্ৰত সকলো সহায় কৰিবলৈ প্ৰস্তুত ।