ডিব্ৰুগড়, 24 এপ্ৰিল:‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু প্ৰাক্তন গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ ভুল নীতিৰ বাবেই পুলৱামাৰ ঘটনাত 40 জনকৈ ভাৰতীয় জোৱানৰ শ্বহীদ হ'বলগীয়া হৈছে ৷ লগতে কেন্দ্ৰীয় চৰকাৰৰ ৰোষত পৰিছে প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিক ।’’ সোমবাৰে ডিব্ৰুগড়ৰ আমোলাপট্টি হোটেল ট্ৰী ফাৰ্ণত আয়োজন কৰা এক সংবাদমেলত এই কথা সদৰী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (APCC President criticized PM Modi) ৷
তেওঁ লগতে কয়, ‘‘প্ৰধানমন্ত্ৰী মোডীয়ে কৈছিল যে, ৰাজহুৱা দনৰ অপচয় হ’লে আমি সহ্য নকৰো ৷ কিন্তু সেইগৰাকী প্ৰধানমন্ত্ৰীয়ে আকৌ বিগত 8 বছৰত 6491 কোটি টকা বিজ্ঞাপনৰ নামত খৰছ কৰিছে ৷ কিন্তু 5 খন বিমান ভাৰতীয় জোৱানৰ বাবে যোগান ধৰিব নোৱাৰিলে ৷ যাৰ বাবে পুলৱামাৰত 40 জনকৈ ভাৰতীয় জোৱান শ্বহীদ হ’ব লগা হ’ল ৷ কিন্তু পৰৱৰ্তী পৰ্যায়ত এই ঘটনাৰ অজুহাত দেখুৱাই ভোট ভিক্ষা কৰা দেখা গৈছিল প্ৰধানমন্ত্ৰী মোডীক’’ (APCC President Press meet in Dibrugarh) ৷
APCC ৰ সভাপতি ভূপেন বৰাই আৰু কয়, ‘‘ইফালে ভাৰতীয় জোৱানৰ শ্বহীদ হ’বলগীয়া হোৱা বুলি অভিযোগ তুলি কেন্দ্ৰীয় চৰকাৰৰ ৰোষত পৰিছে প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিক । নৰেন্দ্ৰ মোডী চৰকাৰৰ দিনত বৃহৎ ৰাজহুৱা ধনৰ অপচয় হোৱা বুলিও তেওঁ অভিযোগ আনিছিল । মোডী চৰকাৰৰ স্বৰূপ উদঙাই দিয়াৰ বাবে সত্যপালৰ পক্ষত কংগ্ৰেছে অৱস্থান গ্ৰহণ কৰিছে’’ ৷