অসম

assam

ETV Bharat / state

'কা' আন্দোলনৰ অন্যতম নেতা অৰুণজ্যোতি মৰাণৰ বিজেপিত যোগদান - সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণৰ বিজেপিত যোগদান

বিজেপিত যোগদান কৰিলে 'কা' আন্দোলনৰ অন্যতম নেতা অৰুণজ্যোতি মৰাণে ৷ অৰুণজ্যোতি মৰাণৰ বিজেপিত যোগদানৰ পাছতে ডিব্ৰুগড়ত আতচবাজী ফুটাই আনন্দ উল্লাস ৷ গুৱাহাটীত সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি গৰাকীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে ৷

অৰুণজ্যোতি মৰাণৰ বিজেপিত যোগদান
অৰুণজ্যোতি মৰাণৰ বিজেপিত যোগদান

By

Published : Jan 7, 2021, 8:43 PM IST

মৰাণ, 7 জানুৱাৰী:'কা'(নাগৰিকত্ব সংশোধনী আইন) বিৰোধী আন্দোলনত যথেষ্ট সক্ৰিয় ভূমিকা পালন কৰা অৰুণজ্যোতি মৰাণে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে ৷ সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণে বিজেপিত যোগদান কৰাৰ পাছতেই ডিব্ৰুগড়ত যথেষ্ট আনন্দ উল্লাসৰ পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হয় ৷

গুৱাহাটীত মৰাণে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে

সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি গৰাকীয়ে বিজেপিত যোগদান কৰাৰ পছতে ডিব্ৰুগড়ৰ থানা চাৰিআলিত বিজেপিৰ একাংশ সমৰ্থকে ফটকা আতচবাজী ফুটাই মৰাণক শুভেচ্ছা জ্ঞাপন কৰে ৷ মৰাণে বিজেপিত যোগদান কৰাৰ বাবে আনন্দ প্ৰকাশ কৰি আগন্তুক দিনসমূহত বিজেপিত থাকি দলটোক অধিক গতিশীলতা অনাৰ ক্ষেত্ৰত মৰাণে সবল পদক্ষেপ গ্ৰহণ কৰিব বুলি ডিব্ৰুগড়ৰ বিজেপিৰ সমৰ্থক সকলে আশা প্ৰকাশ কৰে ৷

লগতে পঢ়ক:অখিল গগৈৰ জামিন নাকচ: প্ৰতিক্ৰিয়া শিৱসাগৰত

ABOUT THE AUTHOR

...view details