অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত পশুধনৰ এনথ্ৰাস্ক ৰোগৰ প্ৰতিষেধক শিবিৰ - নাহৰকটীয়া ৰাজ্যিক পশু চিকিৎসালয়

কৃষক ৰাইজৰ সুবিধাৰ বাবে নাহৰকটীয়া ৰাজ্যিক পশু চিকিৎসালয় আৰু জয়পুৰ আঞ্চলিক বন কাৰ্যালয়ৰ সহযোগত এনথ্ৰাস্ক ৰোগৰ প্ৰতিষেধক প্ৰদানৰ বাবে এক শিবিৰ অনুষ্ঠিত কৰে ৷ এই শিৱিৰৰ জৰিয়তে প্ৰায় ২৭৫ টা গৰুক এনথ্ৰাস্কৰ প্ৰতিষেধক প্ৰদান কৰে ৷

Anthrax antidote camp at Dibrugarh
ডিব্ৰুগড়ত পশুধনৰ এনথ্ৰাস্ক ৰোগৰ প্ৰতিষেধক শিবিৰ

By

Published : Dec 11, 2020, 9:10 PM IST

মৰাণ, 11 ডিচেম্বৰ : জয়পুৰ বৰ্ষাৰণ্যত এনথ্ৰাস্ক ৰোগত আক্ৰান্ত হৈ তিনিদিনত দুটাকৈ বনৰীয়া হাতীৰ মৃত্যুৰ পাছতে বিশেষজ্ঞ চিকিৎসৰ দলে প্ৰকাশ কৰিছিল ভয়ংকৰ তথ্য৷ পশু চিকিৎসকে সন্দেহ ব্যক্ত কৰা ৰোগৰ লক্ষণকলৈ তীব্ৰ আতংকৰ সৃষ্টি হৈছিল সমগ্ৰ জয়পুৰ অঞ্চলত ৷ তাৰ পাছতে ডিব্ৰুগড় প্ৰশাসন আৰু জিলা পশুচিকিৎসা বিভাগে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷

ডিব্ৰুগড়ত পশুধনৰ এনথ্ৰাস্ক ৰোগৰ প্ৰতিষেধক শিবিৰ

কৃষক ৰাইজৰ সুবিধাৰ বাবে বিনামূলীয়াকৈ পশু ৰোগ নিয়াময় কৰিবলৈ বিভিন্ন ধৰণৰ টীকাকৰণৰ ব্যৱস্থা কৰিছে ডিব্ৰুগড় প্ৰশাসন আৰু জিলা পশুচিকিৎসা বিভাগে ৷ বৃহস্পতিবাৰে নাহৰকটীয়া ৰাজ্যিক পশু চিকিৎসালয় আৰু জয়পুৰ আঞ্চলিক বন কাৰ্যালয়ৰ সহযোগত পশুধনক এনথ্ৰাস্ক ৰোগৰ প্ৰতিষেধক প্ৰদানৰ বাবে এক শিবিৰ অনুষ্ঠিত কৰে ৷

ডিব্ৰুগড়ত পশুধনৰ এনথ্ৰাস্ক ৰোগৰ প্ৰতিষেধক শিবিৰ

উল্লেখ্য যে, ডিব্ৰুগড় জিলাৰ প্ৰায় সংখ্যক ৰাইজে কৃষি আৰু পশুপালন কৰি জীৱন নিৰ্বাহ কৰি আহিছে ৷ তাৰ বাবে এই শিৱিৰৰ জৰিয়তে জয়পুৰ বৰ্ষাৰণ্যৰ দাঁতি কাষৰীয়া টিপাম, নামচাঙ, তাঁতিপথাৰ, লেবাংকোলা আদি এলেকাৰ প্ৰায় ২৭৫ টা গৰুক এনথ্ৰাস্কৰ প্ৰতিষেধক প্ৰদান কৰে ৷ পৰৱৰ্তী পৰ্যায়ত জিলাখনৰ অন্য ঠাই সমূহতো এই প্ৰতিষেধক প্ৰদান কৰা হ'ব বুলি প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:কৰিমগঞ্জৰ কেইবাখনো বাগিছাত শ্ৰমিক আৱাসৰ আধাৰশিলা স্থাপন

ABOUT THE AUTHOR

...view details