24 ঘণ্টাত দ্বিতীয়টো অভিলেখ অসম চাহৰ - ট্ৰি অকচন চেন্টাৰ
মঙ্গলবাৰে ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাৰ মনোহাৰী গ’ল্ড চাহে 50,000 টকাত নিলামেৰে বিশ্ব অভিলেখ গঢ়াৰ পাছতে বুধবাৰে ডিব্ৰুগড়ৰ মাইজান চাহ বাগিছাৰ চাহে গুৱাহাটীৰ ট্ৰি অকচন চেন্টাৰত প্ৰতি কিলোগ্ৰামত 70,501 টকা নিলাম দৰ স্পৰ্শ কৰি ভংগ কৰিছে পূৰ্বৰ অভিলেখ
70,501 টকা নিলাম দৰ স্পৰ্শ ডিব্ৰুগড়ৰ মাইজান চাহ বাগিছাৰ চাহৰ
ডিব্ৰুগড়, 31 জুলাইঃ এটাৰ পাছত এটা অভিলেখ ভংগ কৰিছে অসম চাহে ৷ 24 ঘণ্টাত দ্বিতীয়টো অভিলেখ অসম চাহৰ ৷ মঙ্গলবাৰে ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাৰ মনোহাৰী গ’ল্ড চাহে 50,000 টকাত নিলামেৰে বিশ্ব অভিলেখ গঢ়াৰ পাছতে সেই অভিলেখ আজি ভঙ্গ কৰে ডিব্ৰুগড়ৰে আন এখন চাহ বাগিচা মাইজান বাগিছাই ৷ ডিব্ৰুগড়ৰ বি আৰ চেঠি মালিকানাধীন অসম কোম্পানীৰ অধীনৰ মাইজান বাগিছাৰ চাহে গুৱাহাটীৰ ট্ৰি অকচন চেন্টাৰত প্ৰতি কিলোগ্ৰামত 70,501 টকা নিলাম দৰ স্পৰ্শ কৰি সুনাম কঢ়িয়াই আনিছে অসমৰ চাহ উদ্যোগলৈ ৷
Last Updated : Aug 1, 2019, 1:39 AM IST