মৰাণ, 12 জুলাই :সোণাৰিৰ টিঙালীবাম চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি । অকৰ্তৃত্বশীলভাৱে বাগিচা কৰ্তৃপক্ষই বৰ্খাস্ত কৰা কৰ্মচাৰী আনন্দ শইকীয়াৰ পক্ষত ৰায়দান ন্যায়ালয়ৰ । ৩১ বছৰৰ পাছত ন্যায় পোৱা আনন্দ শইকীয়াক ক্ষতিপূৰণ আদায় নকৰিলে বাগিচাৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ নিৰ্দেশনা জাৰিৰ পাছতে বাগিচাৰ ফেক্টৰীত অধিবক্তাসহ উপস্থিত হয় আনন্দ শইকীয়া(Ananda Saikia gained justice after 31 years) । ইয়াৰ পাছতেই টিঙালীবাম চাহ বাগিচাৰ শ্ৰমিকসকলে বাগিচাখনত সৃষ্টি কৰে এক উত্তপ্ত পৰিস্থিতিৰ ।
ইয়াৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী মোতায়েন কৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হয় । সম্প্ৰতি চাহ বাগিচা কৰ্তৃপক্ষই বাগিচাৰ শ্ৰমিকসকলক মিছা কথা কৈ পৰিস্থিতি উত্তপ্ত কৰাই আনন্দ শইকীয়াক প্ৰাপ্য প্ৰদানৰ পৰা আঁতৰাই ৰাখিব বিচৰাৰ এক অভিযোগ উত্থাপিত হয় ।