অসম

assam

ETV Bharat / state

গাঞ্জাৰ বিৰুদ্ধে চাবুৱা আৰক্ষী বৃহৎ অভিযান

বৃহস্পতিবাৰে চাবুৱা আৰক্ষীয়ে অভিযান চলাই ২৮ কেজি মাৰাত্মক নিচাযুক্ত দ্ৰব্যৰ লগতে ২৭ কেজি গাঞ্জাসহ ডিব্ৰুগড়ৰ পাঁচ আলিৰ পৰা শিৱ প্ৰসাদ শ্বাহ নামৰ ৬০ বছৰীয়া এজন ব্যক্তিক কৰায়ত্ব কৰে ।

chabua
গাঞ্জাৰ বিৰুদ্ধে চাবুৱা আৰক্ষী বৃহৎ অভিযান

By

Published : May 21, 2021, 10:35 AM IST

মৰাণ, ২১ মে': চাবুৱাত দিনক দিনে বৃদ্ধি পোৱা গাঞ্জাৰ বৃহৎ ব্যৱসায়ী চক্ৰক উৎখাত কৰিবলৈ এতিয়া দিনে-নিশাই তীব্ৰ অভিযান অব্যাহত ৰাখিছে চাবুৱা আৰক্ষীয়ে । চাবুৱা আৰক্ষী বিষয়া টুলুমণী দুৱৰাৰ নেতৃত্বত চাবুৱা আৰক্ষীয়ে ১৭ তাৰিখে নিশা প্ৰণৱ দাস নামৰ এজন ব্যক্তিৰ পৰা ৪ কেজি গাঞ্জাসহ গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ।

তাৰ পিছতেই বৃহস্পতিবাৰে চাবুৱা আৰক্ষীয়ে অভিযান চলাই ২৮ কেজি মাৰাত্মক নিচাযুক্ত দ্ৰব্যৰ লগতে ২৭ কেজি গাঞ্জাসহ ডিব্ৰুগড়ৰ পাঁচ আলিৰ পৰা শিৱ প্ৰসাদ শ্বাহ নামৰ ৬০ বছৰীয়া ব্যক্তিজনক কৰায়ত্ব কৰে ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই গাঞ্জাসমূহ বহিঃদেশ আৰু চুবুৰীয়া ৰাজ্যৰ পৰা আনি তিনিচুকীয়া, ডিগবৈ, চাবুৱা আৰু ডিব্ৰুগড়ৰ বিভিন্ন স্থানত চালান দিয়া হয় । নৱ- প্ৰজন্মক নিচাসক্ত কৰি ধ্বংসৰ মুখলৈ ঠেলি সমাজ ধ্বংস কৰাৰ লগতে বে-আইনী কাৰ্যকলাপ চাবুৱাত বন্ধ কৰিবলৈ এতিয়া আৰক্ষী তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: বৰপেটাৰোডত নাৰী দেহ ব্যৱসায়ীৰ ঘাটি উচ্ছেদ

ABOUT THE AUTHOR

...view details