অসম

assam

অখিল গগৈৰ মুক্তিৰ দাবীত মৰাণৰ এগৰাকী আইতাৰ কবিতাৰে প্ৰতিবাদ

By

Published : May 22, 2020, 10:37 AM IST

নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি থকাৰ সময়তে বিগত বৰ্ষৰ 12 ডিচেম্বৰত যোৰহাট আৰক্ষীয়ে আটক কৰিছিল অখিল গগৈক ৷

An old women demanding to release Akhil Gogoi through poem
অখিল গগৈৰ মুক্তিৰ দাবীত মৰাণৰ এগৰাকী আইতাৰ কবিতাৰে প্ৰতিবাদ

ডিব্ৰুগড় 22 মে': বৰ্তমানেও কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈ ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি থকাৰ সময়তে বিগত বৰ্ষৰ 12 ডিচেম্বৰত যোৰহাট আৰক্ষীয়ে আটক কৰিছিল নেতাগৰাকীক ৷ ইয়াৰ পাছৰে পৰা ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIA ৰ লগতে অসম আৰক্ষীয়ে বিভিন্ন গোচৰত নেতা গৰাকীক কাৰাৰুদ্ধ কৰি ৰাখিছে ৷ কৃষক নেতা গৰাকীৰ মুক্তিৰ বাবে বিভিন্ন সময়ত তেওঁৰ মাতৃৰ লগতে অসমৰ বিভিন্ন জনে ভিন্ন প্ৰন্থাৰে প্ৰতিবাদ কৰি আহিছে যদিও আজি পৰ্যন্ত কৃষক নেতাজনৰ মুক্তিৰ বাবে কোনো ধৰণৰ তৎপৰতা দেখুওৱা নাই ৰজাঘৰে ৷

অখিল গগৈৰ মুক্তিৰ দাবীত মৰাণৰ এগৰাকী আইতাৰ কবিতাৰে প্ৰতিবাদ

সমগ্ৰ অসমতে অখিলৰ মুক্তিৰ দাবীত জনমত গঢ়ি উঠাৰ সময়তে মৰাণৰ লিলি চুতীয়া বৰুৱা নামৰ এগৰাকী আইতাই নিজৰ স্বৰচিত কবিতা পাঠ কৰি অখিল গগৈৰ মুক্তিৰ দাবী তুলিছে । উল্লেখ্য যে, মৰাণৰ বামুণবাৰী টেঙাপানী গাঁৱৰ এই আইতা গৰাকীয়ে ইয়াৰ পূৰ্বেও নেতা গৰাকীৰ মুক্তিৰ দাবীত অনশন কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছিল ৷

লগতে পঢ়কঃ এজাক বৰষুণতে কৃত্ৰিম বানপানী মহানগৰীত

TAGGED:

ABOUT THE AUTHOR

...view details